চিৰাং, 16 এপ্ৰিলঃ চিৰাং জিলাৰ সুন্দৰীস্থিত চিৰাং জিলা আক্ৰাছুৰ কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰে সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই। সংবাদমেলত সংগঠনটোৰ মুকলি সমৰ্থন ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী তথা সাংসদ নৱ কুমাৰ শৰণীয়াক।
চিৰাং জিলা আক্ৰাছুৰ কাৰ্যালয়ত আয়োজিত সংবাদ মেলত এই কথা প্ৰকাশ কৰে সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু মুখ্য উপদেষ্টা হিতেশ্বৰ ৰায়ে। একমাত্ৰ বিটিচিত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত এইদৰে মুকলিভাৱে সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে। ইয়াৰ পূৰ্বে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমছুৱে সোমবাৰে নিশা সংবাদ মাধ্যম যোগে মুকলি ভাৱে সমৰ্থন জনাইছিল নৱ শৰণীয়াক ৷