ETV Bharat / state

চিৰাঙত আক্ৰাছুৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Jul 29, 2020, 10:58 PM IST

অনুষ্ঠানত আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে কয় যে কোনো চৰকাৰেই কোচ ৰাজবংশী সকলৰ সমাধান বিচৰা নাই ৷ যদিহে অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে সমাধানৰ চেষ্টা নকৰে তেন্তে চৰকাৰে ইয়াৰ ফল ভোগ কৰিব লাগিব বুলি প্ৰকাশ কৰে ৰায়ে ৷

চিৰাঙত আক্ৰাছুৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
চিৰাঙত আক্ৰাছুৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

চিৰাং, 29 জুলাইঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু(হিতেশ গোট)ৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে পালন কৰা হয় ৷ এই দিৱসত আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে কয় যে ৩০ বছৰ পূৰ্বে আক্ৰাছুৰ জন্ম হৈছিল আজিৰ দিনটোত জনগোষ্ঠীটোৰ জনজাতীকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত ৷ বিগত ৩০ বছৰে আন্দোলন কৰি জনগোষ্ঠীটোৰ মুল দাবী সমাধান বিচৰা হৈছিল যদিও কোনো চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে ৷ উপদেষ্টাজনে আৰু কয় যে কোনো ৰাজনৈতিক দলকে বিশ্বাসত লব পৰা নাই আক্ৰাছুয়ে ৷ সেয়ে তেওঁলোকে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক চিন্তা আৰম্ভ কৰা বুলি প্ৰকাশ কৰে ৷

পতাকা উত্তোলন
পতাকা উত্তোলন

আক্ৰাছুৰ ৩০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাতিপুৱা পতাকা উত্তোলন কৰে আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়, মহিলা সমিতিৰ সভানেত্ৰী মালতি ৰায়,চিলাৰায় সেনাৰ উপাধ্যক্ষ দ্বিপজ্যোতি ৰায়ে ৷ আনহাতে কোচ ৰাজবংশী সংস্কৃতিক মঞ্চৰ পতকা উত্তোলন কৰে আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে ৷

শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে ৷ ইয়াৰ পিচতে গছপুলি ৰোপনৰ আত ধৰে চিৰাং জিলা আক্ৰাছুৰ সভাপতি প্ৰাঞ্জল চৌধুৰীয়ে ৷

ৰাজা জান নামৰ স্মৰণিকা উন্মোচন
ৰাজা জান নামৰ স্মৰণিকা উন্মোচন

কৰ্মেশ্বৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজা জান নামৰ স্মৰণিকা উন্মোচন কৰে আক্ৰাছুৰ উপদেষ্টা ফণী সিংহয় ৷ "জাগো জাগোৰে" শীৰ্ষ জাতীয় বৈপ্লৱিক গান উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে ৷ গানটোৰ লিখক অমলেশ্বৰ ৰায় আৰু গায়ক দেৱজিত ৰায় ৷ আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ অতিথি হিচাবে উপস্থিত থাকে আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়, বাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী ।

৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

লগতে পঢ়কঃ ক'ভিড যুদ্ধঃ শোণিতপুৰ প্ৰশাসনক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান ডাৱৰ ইণ্ডিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.