ETV Bharat / state

চিৰাঙত আই নদীৰ গৰাখহনীয়াৰ ভয়াৱহ ৰূপ - এক নং ছোট আমগুৰী,দুই নং আমগুৰী,ওদালগুৰি,দাউখানগৰ,পোপৰাগাঁও,গেদাবজাৰ, টএক আৰু দুই নং দাউখানগৰ,সন্ন্যাসী বজাৰ

চিৰাঙৰ আই নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । আই নদীৰ খহনীয়াৰ ফলত ছিঙিলে ছোটো আমগুৰীৰ মথাউৰি । নদীৰ গতিপথ সলনিৰ আশংকা । ভয়াৱহ পৰিস্থিতিৰ আশংকা ৷

চিৰাঙত আই নদীৰ গৰাখহনীয়াৰ ভয়াৱহ ৰূপ
চিৰাঙত আই নদীৰ গৰাখহনীয়াৰ ভয়াৱহ ৰূপ
author img

By

Published : Jul 2, 2020, 10:40 AM IST

Updated : Jul 2, 2020, 10:49 AM IST

চিৰাং, 2 জুলাইঃ চিৰাঙৰ আই নৈত আৰম্ভ হৈছে তীব্ৰ গৰাখহনীয়া । জিলাখনৰ আই নদীৰ হাগ্ৰামা দলঙৰ নিচেই কাষতে থকা ছোটো আমগুৰী গাঁৱত আই নৈৰ গৰাখহনীয়াত ছিঙিল মথাউৰি । দহ খনকৈ গাঁৱক বানপানীৰ পৰা সুৰক্ষা প্ৰদান কৰি অহা মথাউৰিটোৰ প্ৰায় এশ মিটাৰ অংশ ছিগি লৈ যোৱাৰ ফলত অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে ।

চিৰাঙত আই নদীৰ গৰাখহনীয়াৰ ভয়াৱহ ৰূপ

কাৰণ আই নৈৰ বানপানী আৰম্ভ হোৱাৰ আগতেই যেনেদৰে গৰাখহনীয়াই মথাউৰি ছিঙিলে এতিয়া যদি আই নৈত জলপৃষ্ঠ বৃদ্ধি হয় তেনেহ'লে আই নৈয়ে গতি সলনি কৰি অঞ্চলটোৰ এক নং ছোট আমগুৰী,দুই নং আমগুৰী,ওদালগুৰি,দাউখানগৰ,পোপৰাগাঁও,গেদাবজাৰ, টএক আৰু দুই নং দাউখানগৰ,সন্ন্যাসী বজাৰ আদি কৰি দহখন সম্পূৰ্ণ ৰূপে বানৰ কবলত পৰিব । ফলস্বৰূপ সহস্ৰাধিক লোক গৃহহাৰা হ'ব এয়া নিশ্চিত, যাৰ কাৰণে আই নৈৰ ভয়াৱহ বানপানী অহাৰ আগতেই অসম চৰকাৰ তথা বৰ্তমান বিটিচিৰ শাসনৰ দায়িত্বত থকা ৰাজ্যপাল মহোদয়ে অতি সোনকালে চিঙি যোৱা মথাউৰিটো মেৰামতিৰে গাঁওবাসীক সুৰক্ষা প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনায় ।

Chirang aii  river extreme irosion etv bharat assam news
গৰাখহনীয়াৰ ভয়াৱহ ৰূপ
দীৰ্ঘদিনৰ পৰাই এই অঞ্চলটোত আই নদীয়ে তাণ্ডৱ চলাইছে । ইতিমধ্যে কেবাখনো গাঁও আই নদীৰ বুকুত বিলীন হৈছে যদিও চৰকাৰে আই নদীৰ বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহণ কৰা নাই । প্ৰায় ১৫/২০ বছৰ পূৰ্বে নিৰ্মিত মথাউৰিটো আইনদীৰ গৰাখহনীয়াই উটুৱাই নিয়াত আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলৰ জনসাধাৰণ।

ছোটো আমগুৰী গাঁৱত আই নৈৰ গৰাখহনীয়া
লগতে চাওকঃ গোসাইগাঁৱত বীয়েৰভৰ্তি ট্ৰাক জব্দ, তিনিজনক আটক

Last Updated : Jul 2, 2020, 10:49 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.