ETV Bharat / state

বৰ্ণাঢ্য কাৰ্যসূচীৰে অন্ত পৰিল চিৰাং জিলা এবছুৰ ১৫ তম বাৰ্ষিক অধিবেশন - বাৰ্ষিক অধিবেশন

১৮ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা চিৰাং জিলা এবছুৰ ১৫ তম বাৰ্ষিক অধিবেশন বুধবাৰে বৰ্ণাঢ্য কাৰ্যসচীৰে অন্ত পৰে ৷ অন্তিম দিনা কাৰ্যসূচীত বিটিচিৰ প্ৰধান প্ৰমাহ বড়োসহ কেইবাজনো পাৰিষদ উপস্থিত থাকে ৷

Chirang ABSU conference
বৰ্ণাঢ্য কাৰ্যসূচীৰে অন্ত পৰিল চিৰাং জিলা এবছুৰ ১৫ তম বাৰ্ষিক অধিবেশন
author img

By

Published : Jan 20, 2021, 10:37 PM IST

Updated : Jan 20, 2021, 10:46 PM IST

চিৰাং, 20 জানুৱাৰী : চিৰাং জিলা এবছুৰ ১৫ তম বাৰ্ষিক অধিবেশনৰ অন্তিম দিনাৰ কাৰ্যসূচীত আজি উপস্থিত থাকে বিটিচিৰ প্ৰধান প্ৰমাহ বড়ো ৷ ১৮ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জিলাখনৰ ভাৰণ-ভুটান সীমান্তৰ ৰুনিখাতাৰ খুংগ্ৰীং হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা অধিবেশনত অন্তিম দিনৰ কাৰ্য‍সূচীত প্ৰমোদ বড়োৰ লগতে কেইবাজনো পাৰিষদ আৰু ইউপিপিএল দলৰ প্ৰাক্তন পাৰিষদৰ লগতে এবছুৰ কেইবাজনো কেন্দ্ৰীয় নেতা উপস্থিত থাকে ৷

বৰ্ণাঢ্য কাৰ্যসূচীৰে অন্ত পৰিল চিৰাং জিলা এবছুৰ ১৫ তম বাৰ্ষিক অধিবেশন

উক্ত অধিবেশনত চিৰাং জিলাৰ এবছুৱে কেইবাটাও গুৰুত্ব পূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ সভাপতি দ্বিপেন বড়োয়ে সাংবাদিকক সম্বোধন কৰি কয়, অহা ২৪ জানুৱাৰীত বিটিচিলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ সেই সময়তেই গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত বিটিআৰ চুক্তিৰ সকলো দফাৰ সম্পুৰ্ণৰূপে ৰূপায়ণৰ ক্ষেত্ৰত দাবী উত্থাপন কৰাৰ বাবে এবছুৰ চিৰাং জিলাৰ সমিতিয়ে প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে দ্বিপেন বড়োৱে ৷

উল্লেখ্য যে, ১৮ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এবছুৰ চিৰাং জিলাৰ ১৫ তম বাৰ্ষিক অধিবেশনখনি আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অন্ত পৰে ৷

লগতে পঢ়ক: দলীয় অন্তঃকন্দলে চামগুৰিত বিপদত পেলাব পাৰে বিজেপিক

Last Updated : Jan 20, 2021, 10:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.