চিৰাং, 20 নৱেম্বৰঃ বুধবাৰে চিৰাঙত এবিএমছুয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । লাফিকুল ইচলাম হত্যাৰ ন্যায় বিচাৰি তথা এন আৰ চিৰ পৰা ভাৰতীয় লোকৰ নাম বাদ পৰা,সংখ্যালঘু লোকক "ডি" ভোটাৰৰ নামত হাৰাশাস্তি বন্ধ কৰা আদি কেবাটাও দাবীত ছাত্ৰ সংগঠনটোৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ চিৰাং জিলা সদৰ কাজলগাঁৱত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুয়ে ২০১৭ চনৰ ১ আগষ্ট দিন দুপৰতে কোকৰাঝাৰ চহৰৰ মাজ মজিয়াত ছাত্ৰ সংগঠনটোৰ সভাপতি লাফিকুল ইচলামক হত্যা কৰাৰ দুবছৰ পাৰ হোৱাৰ পিচতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীয়ে নিজে প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ অভিযোগ সংগঠনটোৰ। তেওঁলোকৰ অভিযোগ তদন্তৰ নামত এচআইটি,চিআইডি তথা চিবিআই তদন্ত দি যোৱা দুবছৰে তদন্তৰ প্ৰতিবেদন প্ৰকাশ নকৰিলে । হত্যাণ্ডত জড়িত থকা লোহিত বসুমতাৰীক গ্ৰেপ্তাৰ কৰক ৷
আনহাতে "ডি" ভোটাৰৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি কৰা বন্ধৰ কৰাৰ লগতে এন আৰ চিৰ পৰা প্ৰকৃত ভাৰতীয় লোকৰ নাম কৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ জনায় । সংগঠনটোৱে ১২ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে জিলা উপায়ুক্তৰ জৰীয়তে মুখ্যমন্ত্ৰীলৈ।
লগতে পঢ়কঃঅসমীয়াৰ ঐতিহ্য মুগা কিমান দিনলৈ ! গুৰুত্ব দিবনে চৰকাৰে ?