ETV Bharat / state

চিৰাঙত আছুৰ কা বাতিলৰ দাবীত আন্দোলন

author img

By

Published : Aug 19, 2020, 2:56 AM IST

চিৰাঙৰ বিজনীত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই মঙলবাৰে ২ ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । কা বাতিলৰ দাবীত ছাত্ৰ সন্থাৰ ১মাহজোৰা আন্দোলন কাৰ্যসূচী ।

চিৰাঙত আছুৰ কা বাতিলৰ দাবীত আন্দোলন
চিৰাঙত আছুৰ কা বাতিলৰ দাবীত আন্দোলন

চিৰাং, 18 আগষ্ট : নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত মঙলবাৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ দুঘন্টীয়া বিক্ষোভ কাৰ্যসূচী । ছাত্ৰ সন্থাই এমাহ জোৰা আন্দোলন কাৰ্যসূচী ঘোষনা কৰে । ছাত্ৰ সন্থাৰ এই অনশনত বিজেপি গ' বেক,সৰ্বানন্দ হুচিয়াৰ,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ,সৰ্বানন্দ মুৰ্দাবাদ,বিজেপি চৰকাৰ হ্যায় হ্যায় আদি শ্লোগানেৰে আকাশ বতাহ কপাই তোলে ।

বিজনী আঞ্চলিক ছাত্ৰ সন্থাই ঘোষনা কৰা মাহজোৰা কাৰ্যসূচী অনুসৰি যোৱা ১৪ আগষ্টত ১২ ঘন্টীয়া অনশন ৰূপায়ন কৰিছে আৰু আজি ২ ঘন্টীয়া বিক্ষোভ কাৰ্য‍্যসূচী ৰূপায়ন কৰে । ২৪ আগষ্টত কা আৰু ইআইএ বাতিলৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট,২৮ আগষ্ট একে দাবীত মানৱ শৃঙ্খল,২ ছেপ্টেম্বৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মুখ‍্যমন্ত্ৰীৰ পুত্তলিকা দাহ,৭ ছেপ্টেম্বৰত একে দাবীত ৰাইজৰ সৈতে মত বিনিময়,আকৌ ১৪ ছেপ্টেম্বৰত একে দাবীত বৃহৎ মানৱ শৃঙ্খল কাৰ্যসূচীৰ ৰূপায়ন কৰিব বুলি জনাইছে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই ।

বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

লগতে পঢ়কঃ বাঘজানৰ জুই নিৰ্বাপনত পুনৰ বিফল বিশেষজ্ঞৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.