চিৰাং, 19 চেপ্তেম্বৰঃ চিৰাং জিলাৰ বাসুগাঁও চহৰত শনিবাৰে বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চিৰাং জিলা সমিতি আছুয়ে ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন(CAA) আৰু পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা (EIA)২০২০ বাতিলৰ দাবীত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে ।
ইপিনে প্ৰতিবাদকাৰী সকলে মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্থ কৰে আছুয়ে । আনহাতে, জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপম কুমাৰ দাসে বিটিচি নিৰ্বাচনত বিজেপিক উৎখাত কৰিব বুলি হুংকাৰ প্ৰদান কৰে লগতে বিজেপিক প্ৰতাৰক তথা মিচলীয়া দল আখ্যা দিয়া আছুয়ে ।
![Chirang AASU protest to cancel CAA and EIA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangaasuprotestforcaa-vis-10012_19092020192830_1909f_1600523910_133.png)