ETV Bharat / state

বাসুগাঁও কাণ্ড:চিৰাঙত আছুৰ অৱস্থান ধৰ্মঘট

author img

By

Published : May 27, 2019, 4:04 PM IST

শ্বহীদ বেদীত ক'লা ৰং সনা দোষীক কৰায়ত্ত কৰাৰ দাবীৰে চিৰাঙত আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

চিৰাঙত আছুৰ অৱস্থান ধৰ্মঘট

চিৰাং, 27 মে': চিৰাঙৰ সদৰ কাজলগাঁৱত চিৰাং জিলা আছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। বাসুগাঁও আঞ্চলিক আছুৰ কাৰ্যালয়ৰ নাম ফলক আৰু শ্বহীদ বেদীত ক'লা ৰং সনা দোষীক কৰায়ত্ত কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ চিৰাং জিলা আছুৰ ৷ সোমবাৰে দিনৰ ১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ ৰূপায়ণ কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ ইপিনে জিলাখনৰ প্ৰতিটো আঞ্চলিক কাৰ্যালয় প্ৰাংগণতে মঙলবাৰে দহ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব জিলাখনৰ আছুৱে ৷ ইয়াৰ পাচতো জিলা প্ৰশাসনে অতিশীঘ্ৰে দোষীক কৰায়ত্ত নকৰিলে কম দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ চিৰাং জিলা আছুৰ ৷ ইয়াৰ পূৰ্বেও ২১ মে'ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আছুৱে ৷

চিৰাঙত আছুৰ অৱস্থান ধৰ্মঘট

উল্লেখ্য যে,১২ মে তাৰিখে নিশা বাসুগাঁও আঞ্চলিক আছুৰ কাৰ্যালয়ৰ নাম ফলক আৰু শ্বহীদ বেদীত ক'লা ৰং সানিছিল কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে ৷ এই ঘটনাই 15 দিন অতিক্ৰম কৰাৰ পাচতো চিৰাং জিলা প্ৰশাসনে দোষীক কৰায়ত্ত কৰিবলৈ অসমৰ্থ হোৱাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে ৷

Intro:চিৰাং জিলা সদৰ কাজলগাঁওত চিৰাং জিলা আছুৰ ২ ঘন্টীয়া আৱস্থান ধৰ্মঘট । দিনৰ ১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । যোৱা ১২ মে তাৰিখে নিশা বাসুগাঁও আঞ্চলিক আছুৰ কাৰ্য‍্যালয়ৰ নাম ফলক আৰু শ্বহিদ বেদীত কলা ৰং সনা কাৰ্য‍্যৰ আজি অত দিন অতিক্ৰম কৰাৰ পিচতো চিৰাং জিলা প্ৰশাসনে দোষী গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত আছু যোৱা ২১ মে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । তাৰ পিচত আজি এইদৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে । কাইলৈ জিলাখনৰ প্ৰতিটো আঞ্চলিকৰ কাৰ্যালয় প্ৰাঙ্গনত দহ ঘন্টীয়া অনসন কাৰ্যসূচী ৰূপায়ন কৰিব । ইয়াৰ পিচতো যদি জিলা প্ৰশাসনে দোষীক গ্ৰেপ্তাৰ নকৰে তেন্তে কম দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসুচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে চিৰাং জিলা আছুৰ সভাপতি ৰূপম কুমাৰ দাসে ।

বাইট : ৰূপম কুমাৰ দাস, চিৰাং জিলা আছু সভাপতি ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : ৰূপম কুমাৰ দাস, চিৰাং জিলা আছু সভাপতি ।

Conclusion:ইয়াৰ পিচতো যদি জিলা প্ৰশাসনে দোষীক গ্ৰেপ্তাৰ নকৰে তেন্তে কম দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসুচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে চিৰাং জিলা আছুৰ সভাপতি ৰূপম কুমাৰ দাসে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.