ETV Bharat / state

চিৰাঙত আছাৰ মটৰ ছাইকেল ৰেলী

আদিবাসী সকলৰ সমস্যা সমাধানৰ দাবীত চিৰাঙত বৃহস্পতিবাৰে আছাৰ মটৰ ছাইকেল ৰেলী কাৰ্যসুচী ৰূপায়ণ ৷ নিৰ্বাচনৰ পূৰ্বে অতিশীঘ্ৰে আদিবাসী সকলৰ সমস্যা সমূহ সমাধানৰ দাবী আছাৰ । অন্যথা অহা বিধান সভা নিৰ্বাচনত বিজেপি দলৰ বিৰোধিতা কৰাৰ বাহিৰে আদিবাসী সকলৰ হাতত অইন কোনো গত্যান্তৰ নাথাকিব বুলি সকিয়াই দিয়ে আছাৰ চিৰাং জিলা সভাপতি ফিলিমন টুডুয়ে ।

As_Chg-aasa-byke-rally_10012
চিৰাঙত আছাৰ মটৰ ছাইকেল ৰেলী
author img

By

Published : Feb 26, 2021, 10:41 AM IST

চিৰাং, 26 ফেব্ৰুৱাৰী: আদিবাসী সকলৰ সমস্যা সমাধানৰ দাবীত চিৰাঙত বৃহস্পতিবাৰে আছাৰ মটৰ ছাইকেল ৰেলী কাৰ্যসুচি ৰূপায়ণ ৷ জিলাখনৰ সুন্দৰীৰ পৰা ওলোৱা মটৰ চাইকেল ৰেলী বেংতল হৈ শান্তিপুৰ, ৰুনিখাতা, গৰুভাষা হৈ চিৰাঙৰ চম্পা বজাৰত সমাপ্ত হয় ।

আছাৰ চিৰাং জিলা সভাপতি ফিলমন টুডুয়ে কয়, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে চৰকাৰ গঠন হ’লে আদিবাসী সকলৰ জনজাতিকৰণৰ লগতে অন্যান্য সমস্যা সমূহ সমাধান কৰিব । কিন্ত চৰকাৰ গঠন কৰি কাৰ্যকাল শেষ হ’বৰ হ’ল যদিও আদিবাসী সকলৰ কোনো সমস্যাই সমাধান নহ’ল ৷

ইয়াৰ উপৰিও দীৰ্ঘ দিনৰ পৰা আদিবাসী উগ্ৰপন্থী সংগঠন সমূহো যুদ্ধবিৰতিত আছে যদিও চৰকাৰে তেওঁলোকৰে আলোচনা কৰি তেওঁলোকৰ সমস্যা সমাধানৰ কোনো ব্যৱস্থা নকৰিলে ৷ গতিকে নিৰ্বাচনৰ পূৰ্বে অতিশীঘ্ৰেই আদিবাসী সকলৰ সমস্যা সমূহ সমাধানৰ দাবী জনায় । অন্যথা অহা বিধান সভা নিৰ্বাচনত বিজেপি দলৰ বিৰোধিতা কৰাৰ বাহিৰে আদিবাসী সকলৰ হাতত অইন কোনো গত্যান্তৰ নাথাকিব বুলি সকিয়াই দিয়ে আছাৰ চিৰাং জিলা সভাপতি ফিলিমন টুডুয়ে ।

লগতে পঢ়ক-মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.