চিৰাং, 13 নৱেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক পদত হিতেশ দেৱ শৰ্মাৰ নিয়োগ সন্দৰ্ভত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ প্ৰতিক্ৰিয়া ৷ এজন সাম্প্ৰদায়িক লোকক মুখ্য সমন্বয়ক পদত নিযুক্তি নিদিবলৈ মুখ্যমন্ত্ৰীক আহ্বান আমছুৰ সভাপতিজনৰ ৷
ইমানেই নহয়, হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে এজন চৰকাৰী বিষয়া হৈ সামাজিক মাধ্যমত এন.আৰ.চিক লৈ বিভিন্ন সময়ত বিৰোধিতা কৰাৰ লগতে নিজৰ সাম্প্ৰদায়িক ভাৱ প্ৰকাশ কৰি অহাৰ অভিযোগ উত্থাপন কৰে আমছুৱে ৷ এই ক্ষেত্ৰত অতি শীঘ্ৰেই ব্যৱস্থা নহ’লে আইনৰ আশ্ৰয় লোৱাৰো হুংকাৰ প্ৰদান কৰে ৰেজাউল কৰিম চৰকাৰে ৷
আৰু পঢ়কঃ ৰাস পূৰ্ণিমাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পদাৰ্পণ কৃষ্ণৰ