চিৰাং,২৩ ফেব্ৰুৱাৰী: চিৰাং জিলাত পুনৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ । জিলা সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বিজনী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত মঙলবাৰে চলা এক অভিযানত বিজনীৰ দুতুৰীৰ পৰা ড্ৰাগছ সহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে ।চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনোৱা মতে দিলবৰ হুচেইন নামৰ যুৱক জনৰ পৰা ৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ তিনিটা খালী কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ।
![নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চিৰাং আৰক্ষীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-05-chirangonearrestwithdrugs-vis-10012_23022021191201_2302f_1614087721_609.jpg)
পৰৱৰ্তী সময়ত যুৱক জনৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই একে গাওঁৰ কেৰামত আলী নামৰ এজনৰ ঘৰত অভিযান চলাই ৫৬ টা ড্ৰাগছৰ খালী কন্টেইনাৰ,১২ টা ছিৰিঞ্জ,২৯ টা লাইটাৰ জব্দ কৰে আৰক্ষীয়ে ।
![নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চিৰাং আৰক্ষীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-05-chirangonearrestwithdrugs-vis-10012_23022021191201_2302f_1614087721_222.jpg)
দুয়োজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক:মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত কংগ্ৰেছৰ প্ৰতিবাদ