ETV Bharat / state

Accidents in Chirang: ধানৰ মিলত আহত শিশু শ্ৰমিক - labour injured in rice mill

চিৰাঙত ধোৱাচাঙত শিশু সুৰক্ষা আইন ৷ ধানৰ মিলত আহত শিশু শ্ৰমিক (Child labour injured in rice mill) ৷ চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূৱ এংকৰবাৰীত সংঘটিত হৈছে এই ঘটনাটো ৷ এংকৰবাৰীৰ নিবাসী আজগৰ আলী নামৰ এজন ব্যক্তিৰ ধানৰ মিলত কামত নিয়োজিত হৈ আছিল শিশুটো ৷ কৰ্মৰত অৱস্থাত ধান খোন্দা মেচিনত সোমাই গুৰুতৰ ভাৱে আহত হয় ১৪ বছৰীয়া শিশুটো ৷

Child Labour injured in rice mill in Chirang
ধান ভঙা মিলত আহত শিশু শ্ৰমিক
author img

By

Published : Sep 2, 2022, 6:52 AM IST

Updated : Sep 2, 2022, 9:28 AM IST

চিৰাং, 2 চেপ্টেম্বৰ: অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগ তথা বিভন্ন বেচৰকাৰী সংস্থাই শিশুসকলক শ্ৰমত নিয়োজিত কৰাৰ বিৰুদ্ধে বিভিন্ন সজাগতা কাৰ্যসূচীৰ আয়োজনৰ জৰিয়তে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও একাংশই শিশুক বিভিন্ন কৰ্ম ক্ষেত্ৰত নিয়োগ কৰা দেখিবলৈ পোৱা যায় ৷ শেহতীয়াকৈ, এনে এক ঘটনাই পোহৰলৈ আহিছে চিৰাং জিলাত ৷ চিৰাং জিলাত এক প্ৰকাৰে ধোৱাচাঙত উঠিছে শিশু সুৰক্ষা আইন ৷ ধান ভঙা মিলত আহত হৈছে এটি শিশু শ্ৰমিক (Child labour injured in rice mill) ৷

চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূৱ এংকৰবাৰীত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ জানিব পৰা মতে, এংকৰবাৰীৰ নিবাসী আজগৰ আলী নামৰ এজন ব্যক্তিৰ ধানৰ মিলত কামত নিয়োজিত হৈ আছিল শিশুটো ৷ কৰ্মৰত অৱস্থাত ধান ভঙা মেচিনত সোমাই গুৰুতৰভাৱে আহত হয় ১৪ বছৰীয়া শিশুটো ৷ আহত শিশুটো এংকৰবাৰীৰ কৰিম মণ্ডলৰ পুত্ৰ শাহিৰুল মণ্ডল বুলি জানিব পৰা গৈছে ৷

ধানৰ মিলত আহত শিশু শ্ৰমিক

এই ঘটনাৰ পিছতে আহত শিশুটোক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ লগতে ঘটনা সংক্ৰান্তত স্থানীয় ৰাইজে খবৰ দিয়ে ঢালিগাঁও আৰক্ষীক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে আছকৰ আলীৰ ধান ভঙা মিলটো ছীল কৰে ।

আনহাতে শিশুটোৰ অৱস্থা সংকটজনক হোৱাৰ বাবে বঙাইগাঁৱৰ পৰা উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় । ইফালে স্থানীয় ৰাইজৰ অভিযোগ, আছকৰ আলীৰ ধানৰ মিলটোত দীৰ্ঘদিনৰে পৰা শিশু শ্ৰমিক নিয়োগ কৰি চলাই গৈছিল মিলটো । স্থানীয় ৰাইজ তথা চিৰাং জিলা এবিএমছুয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি উপযুক্ত ব্যৱস্থা লোৱাৰ বাবে আৰক্ষী তথা প্ৰশাসনক আহ্বান জনায় । ইতিমধ্যে ধান মিলৰ মালিক আছকৰ আলীক ঢালিগাঁও আৰক্ষীয়ে সোধা-পোচাৰ বাবে আটক কৰিছে ।

লগতে পঢ়ক: মৰাণত চাইল্ড লাইনৰ তৎপৰতাত পাঁচ শিশু শ্ৰমিক উদ্ধাৰ

Last Updated : Sep 2, 2022, 9:28 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.