চিৰাং, 4 ডিচেম্বৰ : চিৰাঙৰ আমগুৰীত বিপিএফৰ নিৰ্বাচনী সভা । ১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী জেমচ বসুমতাৰীৰ হৈ এই নিৰ্বাচনী সভাত প্ৰচাৰ চলায় মন্ত্ৰী চন্দন ব্ৰহ্মই । মন্ত্ৰী ব্ৰহ্মই বিটিচিত হৈ থকা নিৰ্বাচনী হিংসাত উদ্বেগ প্ৰকাশ কৰি কয় যে, হিংসাৰ বাবে নিৰ্বাচন নহয় । নিৰ্বাচন হৈছে এটা উৎসৱৰ দৰে । তেওঁ মন্ত্ৰী পীযুষ হাজৰিকাক উভতি ধৰি কয় য়ে, বিপিএফ বিটিচিৰ দল । ইয়াক নিঃশেষ কৰা দূৰৈৰ কথা ওচৰো চাপিব নোৱাৰিব কোনেও । অহা বিধান সভা নিৰ্বাচনত অসমৰ পৰা অসম বাসীয়ে বিজেপি দলক নিঃশেষ কৰিব বুলি কয় চন্দন ব্ৰহ্মই ।
১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী জেমচ বসুমতাৰীয়ে কয় যে, নিচিমাত তেওঁৰ জয় নিশ্চিত আৰু বিপিএফ দলেই বিটিচি পৰিষদ গঠন কৰিব সেয়াও নিশ্চিত । সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় য়ে, বিটিচি হিমন্তৰ পৈতৃক সম্পত্তি নহয় যে ইয়াত যধে মধে যি মন তাকে কৰিব । বিটিচি গঠনৰ ইতিহাস আছে । গতিকে বিটিচিৰ লোকে বিটিচিত কি হ’ব নহ’ব সেয়া নিৰ্ধাৰণ কৰিব বুলি স্পষ্ট ভাৱে কয় ।
লগতে পঢ়ক : কাৰেন্ট লাগিছে হিমন্তৰ গাত, সেয়ে নাচিছে : আজমল