ETV Bharat / state

মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত পুনৰ মুন্নাভাইৰ আবিৰ্ভাৱ - ভূৱা চিকিৎসক

চাবুৱাৰ হাতীআলি চাহ বাগিচাত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ৷ মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত আৰক্ষীৰ জালত ধৰা পৰিল পুনৰ এগৰাকী ভুৱা চিকিৎসক ৷ চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত কৰ্মৰত প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ ইয়াকুব আলী আহমেদৰ নথি জালিয়াতিৰে চাবুৱাত দীৰ্ঘদিনে কৰ্মৰত হৈ আছিল লোকজন ৷

chabua police found another fraaud doctor within ten day
মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত পুনৰ মুন্নাভাইৰ আবিৰ্ভাৱ
author img

By

Published : Jun 16, 2021, 10:48 AM IST

চিৰাং, 16 জুন : ৰাজ্যত সম্প্ৰতি বৃদ্ধি পাইছে ভুৱা চিকিৎসক(fraud doctor)ৰ সংখ্যা। চিৰাং জিলাৰ সদৰ জেএচবি অসামৰিক চিলিৎসালয়ত(JSB civil hospital) কৰ্মৰত প্ৰসূতি বিভাগৰ চিকিৎসক(gynecologist) ডাঃ ইয়াকুব আলীৰ নথি জালিয়াতিৰে দেৰগাঁৱৰ আহমেদ আলী নামৰ লোকজনে বিগত ১২ বছৰে স্বয়ম্ভূ মেডিকেল অফিচাৰ হিচাপে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ হাতিআলি চাহ বাগিচাত কৰ্মৰত আছিল ।

অৱশেষত ডিব্ৰুগড়ৰ কেইগৰাকীমান চিকিৎসকে ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষক আৰু চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে বিষয় সন্দৰ্ভত আলোচনা কৰে ৷ দেওবাৰে চিৰাঙৰ ডাঃ ইয়াকুব আলীৰ এজাহাৰৰ ভিত্তিত ভুৱা চিকিৎসক আহমেদ আলীক গ্ৰেপ্তাৰ কৰে চাবুৱা আৰক্ষীয়ে ।

মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত পুনৰ মুন্নাভাইৰ আবিৰ্ভাৱ

এই সন্দৰ্ভত বিতং তথ্য জনাই চিৰাঙৰ প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ ইয়াকুব আলীয়ে কয় যে, আইনীভাৱে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক । ইতিমধ্যে চাবুৱা আৰক্ষীয়ে তদন্তৰ বাবে দুই-এদিনতে চিৰাঙলৈ যাত্ৰা কৰিব বুলি জনায় চিকিৎসকজনে । যিহেতু, ক’ভিডৰ এই সময়চোৱাত তেওঁ চিৰাং এৰি আন ঠাইলৈ যাব নোৱাৰিব, সেয়ে ডিব্ৰুগড় আৰক্ষীয়ে তদন্তৰ বাবে চিৰাঙলৈ যাব বুলিও জানিব দিয়ে চিকিৎসকগৰাকীয়ে । ডাঃ ইয়াকুব আলীয়ে এই বিষয়ে আশ্বৰ্য প্ৰকাশ কৰি কয় যে, লোকজনে তেওঁৰ নথি জালিয়াতি কৰিছে ৷ কিন্তু বাসস্থান মোজাবাৰীৰ পৰিৱৰ্তে মোগাবাৰী বুলি উল্লেখ কৰিছে ৷

উল্লেখ্য যে, মাত্ৰ দহদিনৰ ভিতৰতে চাবুৱাত আৰক্ষীৰ জালত পৰিছে দুজনকৈ ভুৱা চিকিৎসক । মাত্ৰ কেইটামান দিন পূৰ্বে চাবুৱাৰ মোকালবাৰী চাহ বাগিচাৰ হাস্পতালত গ্ৰেপ্তাৰ হৈছিল এজন ভুৱা চিকিৎসক ৷ বিগত এটা যুগ ধৰি বাগিচাৰ হাস্পতালত কৰ্মৰত হৈ আছিল এইজন ভুৱা চিকিৎসক ৷

চাবুৱা থানাৰ ভাৰাপ্ৰাপ্ত বিষয়া(officer in charge) টুলুমণি দুৱৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনক ৷ ইতিমধ্যে চাবুৱা আৰক্ষীয়ে Chabua PS Case No 101/21 U/S 419/420/468 IPC এক গোচৰত জেললৈ প্ৰেৰণ কৰে দেৰগাঁৱৰ আহমেদ আলীক ৷

লগতে পঢ়ক: দেবাংগনাৰ জামিন লাভৰ পাচতে উৎফুল্লিত ডিব্ৰুগড়বাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.