চিৰাং, 30 অক্টোবৰ : বঙাইগাঁও জিলাৰ তামৰঙা বিলৰ মাছমৰীয়াৰ ওপৰত চলিছে মহলদাৰৰ অত্যাচাৰ । এইক্ষেত্ৰত বঙাইগাঁও জিলাৰ মীন বিভাগ, জিলা প্ৰশাসন আৰু আৰক্ষীয়ে নীৰৱ ভূমিকা গ্ৰহণ কৰাটো লক্ষনীয় । বিজেপি চৰকাৰৰ শাসন কালত দুখীয়া মাছমৰীয়াৰ ওপৰত চলিছে মহলদাৰ বাহিনীৰ দাদাগিৰি । ৰাজনৈতিক ক্ষমতা হস্তগত কৰি মহলদাৰ বাহিনীয়ে চলাইছে তামৰঙা বিলত লুন্ঠন ।
স্থানীয় দুখীয়া মাছমৰীয়া ৰাইজৰ লগত নাই বিজেপি চৰকাৰ । চৰকাৰে মাফিয়া গোটক দিছে ৰক্ষণাবেক্ষন । যাৰ ফলত নিশাৰ ভাগত মহলদাৰৰ গুণ্ডা বাহিনীয়ে প্ৰাণে মৰাৰ ভাবুকি দিছে দুখীয়া মাছমৰীয়া ৰাইজক । আনকি এইটো চক্ৰই ৰাজনৈতিক বল খটুৱাই আৰক্ষীকো নিয়ন্ত্ৰন কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
বঙাইগাঁৱৰ তামৰঙা বিলৰ ওপৰত নিৰ্ভৰশীল প্ৰায় 1500 মৎস্যজীৱী ৰাইজে,যিয়ে বিলত মাছ মাৰি নিজৰ জীৱিকা চলায় । তামৰঙা বিলৰ চাৰিওদিশৰ বাৰীপুখুৰী,ঘিলাগুৰি,বিষ্ণুপুৰ,আমতলী,বেলতলা,হীৰাপাৰা আৰু ছিলটীপাৰাৰ প্ৰায় 1500টা পৰিয়ালৰ মৎস্যজীৱি ৰাইজে নিৰ্যাতিত আৰু শোষিত হৈ আহিছে বিলখনৰ মহলদাৰৰ দ্বাৰা ।
লকডাউনৰ সময়ৰে পৰা মাছমৰীয়াসকলে বিলখনত মাছ মাৰিব নোৱাৰি নিজৰ জীৱিকা হেৰুৱাইছিল । ইয়াৰ মাজতে নতুন মহলদাৰ উত্তম দাসে বিলখনৰ ঠিকা লাভ কৰে । তিনিমাহ পূৰ্বে মীন বিভাগে মাছমৰীয়াসকলক পেৰাছুট সূতাৰে প্ৰস্তুত মাছৰ জাল ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে । এই জাল প্ৰস্তুত কৰোতে খৰচ হয় প্ৰায় 80/90 হেজাৰ টকা । ঋণ লৈ মাছমৰীয়াসকলে প্ৰস্তুত কৰিলে এই জাল । কিন্তু ইয়াৰ মাজতে মহলদাৰ উত্তম দাসে অবৈধভাৱে বিল এলেকাৰ বাহিৰৰ মানুহ ব্যৱহাৰ কৰি বিলখনত মাছ মৰা আৰম্ভ কৰে । তেওঁলোকে মাছ মৰাত ব্যৱহাৰ কৰিছে প্লাষ্টিকৰ নেট । যিটো মাছ মৰাত ব্যৱহাৰ কৰিবলৈ মানা কৰিছে মীন বিভাগে । মাছমৰীয়া ৰাইজে এই কথাত প্ৰতিবাদ কৰাৰ লগতে তেওঁলোকে মাছ মৰাৰ অধিকাৰ বিচাৰি মহলদাৰ উত্তম দাসক কোৱাত উত্তমে নিজৰ গুণ্ডা বাহিনী লগাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে এলেকাটোৰ মাছমৰীয়াসকলক ।
চৰকাৰী কৰ ফাঁকি মৰাৰ উদ্দেশ্যে বাহিৰা মানুহক লগাই প্লাষ্টিকৰ নেট ব্যৱহাৰ কৰি অধিক মুনাফা লুটাৰ উদ্দেশ্যে মহলদাৰ উত্তম দাসে এলেকাটোৰ মাছমৰীয়াক জীৱিকা অৰ্জনৰ পৰা বঞ্চিত কৰিছে । মন কৰিবলগীয়া যে এই মাছমৰীয়াসকল ঘিলাগুৰি গাঁও পঞ্চায়ত এলেকাৰ বাসিন্দা । ঘিলাগুৰি গাঁও পঞ্চায়ত আছে বিজেপিৰ দখলত । বিজেপি চৰকাৰে গাঁৱৰ দুখীয়া লোকৰ জীৱিকা নিশ্চিত কৰাৰ কথা দলটোৰ নেতাসকলে মেল-মিটিঙত টেটু ফালি ঘোষণা কৰিছে । কিন্তু ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি দেখা গৈছে তামৰঙা বিলৰ মাছমৰীয়াৰসকলৰ ক্ষেত্ৰত ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চকু দিব নে এইসকল দুখীয়া মাছমৰীয়াৰ ৰাইজৰ ওপৰত? ল'ব নে বিলখনৰ মহলদাৰৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে? ঘূৰাই দিব পাৰিব নে এইসকল দুখীয়া মাছমৰীয়াৰ জীৱিকা?
লগতে পঢ়ক : জীয়াঢলৰ বানত সৰ্বস্বান্ত বন্যাৰ্তক লৈ ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন