ETV Bharat / state

গুৱাহাটীত মুকলি হ'ব 'বস্ত্ৰ হাট' - bongaigaon

অসমৰ শিপিনীৰ দ্বাৰা উৎপাদিত বস্ত্ৰ বিক্ৰী কেন্দ্ৰৰ জৰিয়তে শিপিনী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ হেঙেৰাবাৰীত খাদী বস্ত্ৰৰ বজাৰ গঢ়ি তোলা হ'ব ৷

গুৱাহাটীত মুকলি হ'ব 'বস্ত্ৰ হাট'
author img

By

Published : Sep 6, 2019, 5:02 PM IST

চিৰাং, 6 চেপ্টেম্বৰঃ 'অসমত খাদী বস্ত্ৰৰ চাহিদা বৃদ্ধি পাইছে ৷ গুৱাহাটীত মুকলি কৰা হ'ব বস্ত্ৰ হাট ৷' বঙাইগাঁৱত দহদিনীয়া খাদী বস্ত্ৰ মেলা উদ্বোধন কৰি এই মন্তব্য খাদী বোৰ্ডৰ অধ্যক্ষ ড৹ কমলা কলিতাৰ ৷ অসমৰ শিপিনীৰ দ্বাৰা উৎপাদিত বস্ত্ৰ বিক্ৰী কেন্দ্ৰৰ জৰিয়তে শিপিনী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ হেঙেৰাবাৰীত খাদী বস্ত্ৰৰ বজাৰ গঢ়ি তোলা হ'ব । শুকুৰবাৰে বঙাইগাঁও চহৰৰ গান্ধী মৈদানত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু উত্তৰ পূৰ্বাঞ্চল গ্ৰামোদ্যোগ মহাসংঘৰ সহযোগত দহ দিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পি এম ই জি পি খাদীৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলা উদ্বোধন কৰি তেওঁ কয়, জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে খাদী উদ্যোগ গঢ়ি তোলাৰ উদ্দেশ্যে নতুন যুৱ ছামক জড়িত কৰি দেশ তথা ৰাজ্যৰ বস্ত্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী কৰা আৰু অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে ৷

গুৱাহাটীত মুকলি হ'ব 'বস্ত্ৰ হাট'

অনুষ্ঠানত গুৱাহাটীৰ সমাজকৰ্মী অৰূপ পাঠক, বঙাইগাঁও জিলাৰ উপাযুক্ত আদিল খান, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ৷

Intro:অসমত খাদী বস্ত্ৰৰ চাহিদা বৃদ্ধি পাইছে ৷৷
গুৱাহাটীত মুকলি কৰা হ'ব বস্ত্ৰ হাট ৷৷
বঙাইগাঁৱকৃত দহদিনীয়া খাদী বস্ত্ৰ মেলা উদ্বোধন কৰি এই মন্তব্য খাদী বোৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাৰ ৷৷

Body: অসমৰ শিপিনীৰ দ্বাৰা উৎপাদিত বস্ত্ৰৰ বিক্ৰী কেন্দ্ৰৰ জৰিয়তে শিপিনী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ হেঙেৰাবাৰীত গঢ়ি তোলা হ'ব এখন খাদী বস্ত্ৰৰ বজাৰ । এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা খাদী বোৰ্ড, অসমৰ অধ্যক্ষ ড° কমলা কান্ত কলিতাই ৷ আজি আবেলি বঙাইগাঁও চহৰৰ গান্ধী ময়দানত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু উত্তৰ পূৰ্বাঞ্চল গ্ৰামোদ্যোগ মহাসংঘৰ সহযোগত দহ দিনীয়া কৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পি এম ই জি পি খাদীৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলা উদ্বোধন কৰি তেওঁ কয়, জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে খাদী উদ্যোগ গঢ়ি তোলাৰ উদ্দেশ্যে নতুন যুৱ ছামক জড়িত কৰি দেশ তথা ৰাজ্যৰ বস্ত্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী কৰা আৰু অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ বাবে পদক্ষেপ লৈছে ৷ অসমৰ শিপীনি সকলে কষ্টৰ মাজেৰে শিল্প কৰ্মত জড়িত হৈয়ো শ্ৰমৰ সঠিক মূল্য নোপোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ খাদী আৰু গ্ৰাম্য উদ্যোগ বিভাগে নতুন চিন্তা চৰ্চাৰে শিপীনি সকলক সকাহ দিয়াৰ বাবে নতুন আঁচনি গ্ৰহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে ৷ ইয়াৰ পূৰ্বে খাদী বোৰ্ডৰ অধ্যক্ষ কলিতাৰ লগতে উপস্থিত অতিথি সকলে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি নিবেদন কৰি শ্ৰদ্ধা জনায় ৷ বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হিতেশ চন্দ্ৰ দাসে পৌৰহিত্য কৰা খাদী বস্ত্ৰ মেলাৰ উদ্বোধনী সভাখন পৰিচালনা কৰে উত্তৰ পূৰ্বাঞ্চল খাদী আৰু গ্ৰামোদ্যোগ মহাসংঘৰ সম্পাদক সঞ্জীৱ দাসে ৷ মহা সংঘৰ সভাপতি আব্দুল মালেকে আদৰণি ভাষণ প্ৰসংগত শিপিনী সৃষ্টি আৰু শিপিনী সকলৰ উৎপাদিত বস্ত্ৰ সমূহৰ বজাৰ সৃষ্টিৰ জৰিয়তে অৰ্থনৈতিক দিশ টনকীয়াল কৰাৰ উদ্দেশ্যেৰে এই প্ৰদৰ্শনী আৰু বিক্ৰী মেলাৰ আয়োজন কৰা হৈছে ৷ বঙাইগাঁৱত এই দহদিনীয়া খাদী বস্ত্ৰ মেলাই সমাদৰ লাভ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে ৷ সভাত বঙাইগাঁও ডি আই চি সহকাৰী প্ৰৱন্ধক হৰ কুমাৰ দাসে তেওঁলোকৰ বিভাগে শিপিনী সকলক আগবঢ়াই অহা আঁচনিৰ বিষয়ে অৱগত কৰে ৷ সভাপতিৰ ভাষণত বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হিতেশ চন্দ্ৰ দাসে তেওঁ খাদী বস্ত্ৰৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ কতা ব্যক্ত কৰাৰ লগতে বিষয়টোত তেওঁ বিশেষ মনোযোগী বুলি উল্লেখ কৰে ৷।

বাইট : ডাঃ কমলা কলিতা, অসম খাদী বোৰ্ডৰ অধ্যক্ষ।

Conclusion:অনুষ্ঠানত গুৱাহাটীৰ সমাজকৰ্মী অৰূপ পাঠক, বঙাইগাঁও জিলাৰ উপাযুক্ত আদিল খান, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ৷

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.