চিৰাং,9 নৱেম্বৰ: ৰাইজৰ সুবিধাৰ অৰ্থে বঙাইগাঁও জিলাৰ ভিন্ন প্ৰান্তত স্থাপন কৰা হৈছিল পৰ্যাপ্ত পোহৰ দিব পৰা হাই মাক্স লাইট ৷ কিন্তু নামতহে এতিয়া আছে এই লাইটসমূহ ৷ কিয়নো স্থাপনৰ দীৰ্ঘদিনৰ পিছতো অব্যৱহৃত হৈ আছে এই লাইটসমূহ ৷ বিগত প্ৰায় 8 মাহ পূৰ্বে জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল অভয়াপুৰীতো স্থাপন কৰা হৈছিল এনে লাইটসমূহ ৷
অভয়াপুৰীৰ বিভিন্ন স্থানত প্ৰায় 18 টাকৈ এই লাইট স্থাপনৰ পিছতো কিন্তু এন্ধাৰ আঁতৰাবলৈ সক্ষম নহ’ল স্থানীয় ৰাইজে ৷ সম্প্ৰতি বিষয়টোত সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰিছে অভয়াপুৰী নগৰ সমিতিয়ে ৷ অভয়াপুৰীৰ সচেতন ব্যক্তিসকলে এই লাইটসমূহত অনতিপলমে বিদ্যুত সংযোগৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে ৷
লগতে চাওকঃ কোকৰাঝাৰবাসীয়ে ঘৰতে বহি লাভ কৰিব নিত্য ব্যৱহাৰ্য সা-সামগ্ৰী