চিৰাং, ২৬ ফেব্ৰুৱাৰী: শেহতীয়াকৈ ৰাজ্য চৰকাৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বৰ্তীকালীন পৰিষদ গঠন কৰে । কিন্তু এই পৰিষদকলৈ সন্তুষ্ট নহয় সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী । শুকুৰবাৰে এক সংবাদমেলযোগে চৰকাৰৰ এই কাৰ্যক গৰিহণা সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ । তেওঁলোকৰ অভিযোগ নীতি বহিৰ্ভূতভাৱে পৰিষদখন গঠন কৰা হৈছে । যাৰ বাবে তেওঁলোকৰ লগতে বঙাইগাঁৱবাসী সন্তুষ্ট নহয় । তেওঁলোকে জনোৱা মতে গঠন কৰা পৰিষদৰ মুৰব্বীসকলে আন ঠাইৰ যাৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । চৰকাৰক অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনালে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্মিলনীয়ে ।
আজি বঙাইগাঁও স্থিত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ মুখ্য কাৰ্য্যালয়ত আয়োজিত এক সংবাদ মেলত বৃহস্পতিবাৰে অসম চৰকাৰে কমতাপুৰ শায়ত্ব শাসিত পৰিষদ ঘোষণাৰ পিচতে আজি কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ নেতৃত্বই সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কমতাপুৰৰ বাহিৰৰ লোকক পৰিষদৰ নেতা হিচাবে বাছনি কৰাত অসন্তুষ্টি প্ৰকাশ কৰে ।