ETV Bharat / state

BNSU Protest in Chirang: বড়োলেণ্ডক পৃথক ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীত বনছুৰ প্ৰতিবাদ - demanding declaration of Bodoland as a separate state

বড়োলেণ্ডক পৃথক ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ বড়ো নেচনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৰ (BNSU protests demanding declaration of Bodoland) ৷

BNSU protested against the declaration of Boroland as separate state
বড়োলেণ্ডক পৃথক ৰাজ্য হিচাপে ঘোষিত কৰাৰ দাবীত বনছুৰ প্ৰতিবাদ
author img

By

Published : Jul 28, 2022, 1:41 PM IST

চিৰাং, 28 জুলাই: পুনৰ পৃথক ৰাজ্য বড়োলেণ্ডৰ দাবীত প্ৰতিবাদমুখৰ বনছু (BNSU protest in Chirang)। বুধবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বড়ো নেচনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৰ উদ্যোগত বড়োলেণ্ডক পৃথক ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বনছুৰ সদস্যসকলে (Demanding declaration of Bodoland as a separate state)।

সোণকোষৰ পৰা সদিয়ালৈ সাঙুৰি পৃথক ৰাজ্য বড়োলেণ্ড গঠন কৰা, কাৰ্বি আংলং আৰু ডিমা হাছাও অঞ্চলত বসবাস কৰা বড়োসকলক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা, ভাৰতীয় সেনাত বড়ো ৰেজিমেণ্ট খোলা, ৰাষ্ট্ৰসংঘৰ ঘোষণা অনুসৰি খিলঞ্জীয়া লোকৰ অধিকাৰ প্ৰদান কৰা আদি দাবীত চিৰাঙৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ কেইবাটাও দাবীৰে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

বড়োলেণ্ডক পৃথক ৰাজ্য হিচাপে ঘোষিত কৰাৰ দাবীত বনছুৰ প্ৰতিবাদ

উল্লেখ্য যে, অহা ৮ আগষ্টত উক্ত দাবীৰে দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰাৰ কথাও জনায় বড়ো নেচনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৱে ৷ উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত বনছুৰ কেইবাগৰাকী নেতাৰ লগতে চিৰাং জিলা সমিতিৰ কৰ্মকৰ্তা সকলো উপস্থিত থাকে ।

লগতে পঢ়ক: Students Protest in Nalabari: নলবাৰীত স্কুটী বিচাৰি ভাগিনীৰ আব্দাৰ মামাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.