ETV Bharat / state

ৰাজহুৱা চাউল বিতৰণ ব্যৱস্থাৰ কেলেংকাৰীত নাম সাঙোৰ বিজেপি কৰ্মীৰ

author img

By

Published : Aug 7, 2020, 3:16 PM IST

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ডুলিৰ তলতে ওলাইছে ভূত ৷ কিয়নো চিৰাঙত বিজেপি দলৰ বিটিচি পৰিষদীয় মানস চেৰফাং সমষ্টিত দেখা গৈছে এক ওলোটা ছবি ৷ জিলাখনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নামত আবণ্টিত চাউল হিতাধিকাৰীৰ মাজত বিতৰণ কৰাৰ পৰিৱৰ্তে বিজেপি দলে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বিতৰণ কৰিছিল বানাক্ৰান্তৰ মাজত ৷ বান সাহায্যৰ নামত এনেদৰে চাউল বিতৰণ কৰি থকা অৱস্থাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জব্দ কৰে চাউলসহ এখন বাহন ৷

BJP worker named in public rice distribution scam scandal Chirang assam etv bharat news
ৰাজহুৱা চাউল বিতৰণ ব্যৱস্থাৰ কেলেংকাৰী

চিৰাং,7 আগষ্ট: চিৰাঙৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰ সমবায় সমিতি লিমিটেডৰ লক্ষীঝোৰাৰ সুলভ মুল্যৰ বিপণীত চাউল বিতৰণৰ নামত সংঘটিত হৈছে কেলেংকাৰীৰ অভিযোগ ৷ সুলভ মুল্যৰ নামত আবণ্টিত চাউল হিতাধিকাৰীৰ মাজত বিতৰণৰ পৰিৱৰ্তে বিগত ২ আগষ্টত জিলাখনৰ বিজেপি কৰ্মীসকলে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বানাক্ৰান্তৰ মাজত বিতৰণ কৰি থকা অৱস্থাত চাউলসহ এখন বাহন জব্দ কৰে পাণবাৰী আৰক্ষীয়ে ৷ পাণবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম কুমাৰ দলে এই প্ৰসংগত প্ৰাপ্ত অভিযোগৰ ভিত্তিত অভিযান চলাই 1 নং কচুবিলৰ পৰা চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ছীল-মোহৰ থকা বস্তাসহিতে চাউল জব্দ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ জব্দ কৃত চাউলখিনি চিন্তামণি সৰকাৰ আৰু কানাই নমঃ দাস নামৰ লোক দুগৰাকীৰ সুলভ মুল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰা চাউল আছিল ৷ উল্লেখ্য যে,এই কাণ্ডত জড়িত মানস চেৰফাং মণ্ডল বিজেপিৰ সভাপতি দিব্যজ্যোতি নমঃ দাস সুলভ মূল্যৰ ব্যৱসায়ী কানাই নমঃ দাসৰ পুত্ৰ হোৱাৰ সুবাদতে বিগত দুমাহে চৰকাৰী চাউল হিতাধিকাৰীক বিতৰণ নকৰি বান সাহায্য হিচাপেহে বিতৰণ কৰে ৷ এই সন্দৰ্ভত পাণবাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৩/১৭১(চি)/১৭১(ই) আৰু নিৰ্বাচনী আয়োগৰ ৭ নং অনুচ্ছেদ অনুসৰি ১১৩/২০২০ পৃথক গোচৰ পঞ্জীয়ন কৰে বিপিএফৰ মানস চেৰফাং ব্লক সভাপতি গণেশ চন্দ্ৰ বসুমতাৰীয়ে ৷

ৰাজহুৱা চাউল বিতৰণ ব্যৱস্থাৰ কেলেংকাৰী

শুকুৰবাৰে এক/দুই/তিনি নং লক্ষীঝোৰাৰ স্থানীয় বাসিন্দাসকলে সুলভ মুল্যৰ ব্যৱসায়ী দুগৰাকীয়ে বহু লোকৰ মাজত বিগত দুমাহে চাউল বিতৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ কিন্তু চাউল বিতৰণ নকৰিলেও ব্যৱসায়ী দুগৰাকীয়ে সকলো হিতাধিকাৰীৰে কাৰ্ডসমূহ জমা লয় ৷ উক্ত কাৰ্ডসমূহত বহু লোকৰ নাম দুবাৰ-তিনিবাৰকৈ সন্নিৱিষ্ট কৰি সমবায়ৰ পৰা চাউল সংগ্ৰহ কৰে যদিও এয়া বিতৰণ নকৰি পৰিষদীয় মানস চেৰফাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী শিৱনাথ ব্ৰহ্মৰ নাম ব্যৱহাৰ কৰি বিতৰণ কৰে বানাক্ৰান্তৰ মাজত ৷ এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে চাউল লাভৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ৷

আছু নেতাৰ প্ৰতিক্ৰিয়া

বিষয় প্ৰসংগত চিৰাং জিলা সমিতিৰ আছুৰ সভাপতি ৰূপম কুমাৰ দাসে শূন্য সহনশীল নীতি গ্ৰহণৰ নামত খোদ বিজেপিয়ে দুৰ্নীতিত লিপ্ত হোৱাৰ কথা প্ৰকাশ কৰে ৷ দলটোৱে দুৰ্নীতিৰ সহায়েৰে পৰৱৰ্তী নিৰ্বাচনত জয়ী হোৱাৰ সপোন দেখিছে বুলি দাবী কৰিছে আছুৰ সভাপতিগৰাকীয়ে ৷ ছাত্ৰ নেতাগৰাকীয়ে পূৰ্বৰে পৰা এই বিষয়ত উত্থাপন কৰা অভিযোগ সত্য প্ৰমাণিত হোৱাৰ কথা উল্লেখ কৰে ৷ সেয়ে ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই চাউল কেলেংকাৰীৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী জনায় প্ৰশাসনক ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমত বিগত ৩ আগষ্টত বাতৰি প্ৰকাশ পোৱাৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিছিল বিজনী মহকুমা প্ৰশাসনে ৷ বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে খাদ্য আৰু অসামৰিক যোগান বিভাগক বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে ৷

স্থানীয় লোকৰ ক্ষোভ প্ৰকাশ

আনহাতে,বিষয় সন্দৰ্ভত সংবাদ মাধ্যমে বিজেপি কৰ্মীগৰাকীৰ লগতে সুলভ মূল্যৰ ব্যৱসায়ী দুগৰাকীক যোগাযোগ কৰিবলৈ চেষ্টা কৰাত পলাই সাৰে ৷ ইপিনে, মানস চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী শিৱনাথ ব্ৰহ্ম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ঘনিষ্ঠ বুলি চৰ্চা লাভ কৰিছে ৷ উক্ত ৰাজহুৱা চাউল বিতৰণৰ নামত বিজেপি কৰ্মীয়ে সংঘটিত কৰা কেলেংকাৰীৰ সন্দৰ্ভত স্থানীয় ৰাইজে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে বিজেপি দলৰ শীৰ্ষ নেতৃত্বৰ লগতে চিৰাং জিলা প্ৰশাসন আৰু বিজনী মহকুমা প্ৰশাসনৰ ওচৰত ৷

লগতে চাওকঃ নতুন ৰাজনৈতিক সমীকৰণৰ অংকত ব্যস্ত নেকি প্ৰফুল্ল মহন্ত!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.