চিৰাং, 29 নৱেম্বৰ : ১৩ নং চিৰাং পৰিষদীয় সমষ্টিত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী অলক বসুমতাৰীৰ হৈ শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিমোৰত পৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ কাৰণ নিৰ্বাচনী সভাখনত উপস্থিত থাকে মাত্ৰ কেইজন সমৰ্থক । উপায়ন্ত হৈ কম সংখ্যক সমৰ্থকৰ সন্মুখতে ভাষণ প্ৰদান কৰিবলৈ বাধ্য হয় মন্ত্ৰীগৰাকী ৷
নিৰ্বাচনী সভাখনত ভাষণ প্ৰদান কৰি মন্ত্ৰী শুক্লবৈদ্যই এইবাৰ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে । তেওঁ সভাত বিগত সোতৰ বছৰত বিপিএফ দলে বিটিচিৰ উন্নয়নৰ ধন লুটি-পুটি খালে বুলি উল্লেখ কৰি বিপিএফ নেতৃত্বক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ বিপিএফ দলক পুনৰ এই সুবিধা দিয়া নহ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগাৰীয়ে ৷ তেওঁ লগতে বিজেপিৰ শাসনত বিটিচি অঞ্চলত সকলো জাতি-জনগোষ্ঠীৰে সম উন্নয়ন হোৱাৰ লগতে নিবনুৱা সমস্যা সমাধান আৰু আত্মসহায়ক গোট সমূহক আৰ্থিক পেকেজ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে ।
নিৰ্বাচনী সভাখনত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তইয়ো বিপিএফ দলক চোকা ভাষাৰে সমালোচনা কৰি বিজেপিৰ সভাত মানুহ নাহিবলৈ বিপিএফৰ কৰ্মীয়ে ৰাইজৰ মাজত টকা বিলাইছে বুলি মন্তব্য কৰে । তেওঁ লগতে নিৰ্বাচনী সভাৰ নামত বিজেপিয়ে দহ হেজাৰ টকা খৰছ কৰাৰ বিপৰীতে বিপিএফে মিটিং বন্ধ কৰিবলৈ 3 লাখ টকা খৰচ কৰা বুলিও অভিযোগ কৰে । বাসুগাঁও নেতাজী সুভাষ বসু বিদ্যানিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাখনত অলক বসুমতাৰীৰ লগতে চিৰাং জিলা বিজেপিৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ সম্পাদক ৰতন চন্দ্ৰ ৰায়কে ধৰি বহু বিজেপি নেতৃবৃন্দ উপস্থিত থাকে ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহৰা নাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি