ETV Bharat / state

সংগঠনৰ নেতৃত্বৰ বিৰুদ্ধে ৬ কোটি টকা আত্মসাতৰ অভিযোগ বিৰছা কামাণ্ডো ফ'ৰ্চৰ সদস্যৰ

বিৰছা কামাণ্ডো ফ'ৰ্চৰ কেন্দ্ৰীয় বিষয়ববীয়াই জলপানিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি নতুন গোট গঠন একাংশ সদস্যৰ । ২০০৪ চনৰ পৰা আজি পৰ্যন্ত মুঠ ৬ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ । চিৰাঙৰ গৰুভাষাৰ ৰাৱনঘাট খেলপথাৰত নৱগঠিত বিৰছা কামাণ্ডো ফ'ৰ্চৰ (বিটি) গোটে সম্বোধন কৰা সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে গোটটোৰ সেনাধ্যক্ষ বাদল টুডু আৰু অধ্যক্ষ তিৰ্কু টুডুৱে ।

সংগঠনৰ নেতৃত্বৰ বিৰুদ্ধে ৬ কোটি টকা আত্মসাতৰ অভিযোগ বিৰছা কামাণ্ডো ফ'ৰ্চৰ সদস্যৰ
সংগঠনৰ নেতৃত্বৰ বিৰুদ্ধে ৬ কোটি টকা আত্মসাতৰ অভিযোগ বিৰছা কামাণ্ডো ফ'ৰ্চৰ সদস্যৰ
author img

By

Published : Dec 4, 2020, 5:17 PM IST

চিৰাং, ৪ ডিচেম্বৰ: ফাঁট মেলিছে বিৰছা কামাণ্ডো ফ'ৰ্চত । কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ নতুন গোট গঠন সাধাৰণ সদস্যৰ । যুদ্ধ বিৰতিত থকা আদিবাসী উগ্ৰপন্থী সংগঠন বিৰছা কমাণ্ডো ফ'ৰ্চৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সংগঠনটোৰ সাধাৰণ কেদাৰ তথা সদস্যসকল । সাধাৰণ কেদাৰৰ অভিযোগ তুলিছে যে, আদিবাসীলেণ্ড দাবীৰে আদিবাসী সকলৰ জনজাতিকৰণত বাধা আৰোপ কৰিছে সংগঠনৰ মুখ্য সেনাধ্যক্ষ বীৰসিং মুণ্ডা আৰু সভাপতি দুৰ্গা হাচদাই ।

যোৱা ২৮ নৱেম্বৰত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভিত হৈ বিৰছা কামাণ্ডো ফ'ৰ্চৰ(বিটি) গোট গঠন কৰে সাধাৰণ কেডাৰসকলে । শুক্ৰবাৰে চিৰাঙৰ গৰুভাষাৰ ৰাৱনঘাট খেলপথাৰত নৱগঠিত গোটটোৰ সেনাধ্যক্ষ বাদল টুডু আৰু অধ্যক্ষ তিৰ্কু টুডুৱে এক সংবাদমেল সম্বোধন কৰি কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে । তেওঁলোকৰ মতে, ১৯৯৬ চনত জন্মলাভ কৰা বিৰছা কামাণ্ডো ফ'ৰ্চ চমুকৈ বিচিএফে জনগোষ্ঠীটোৰ সুৰক্ষা, নিৰাপত্তা আৰু সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰাৰ শপত লৈছিল ।

সুদীৰ্ঘ ৮টা বছৰে জংঘলত আশ্ৰয় লৈ সশস্ত্ৰ সংগ্ৰাম চলোৱাৰ অন্তত ২০০৪ চনৰ ১৪ আগষ্ট তাৰিখে সংগঠনটোৰ সদস্যই অস্ত্ৰ সম্বৰণ কৰে । তেতিয়াৰে পৰা মুঠ ৩৪০ জন সদস্যই ৰাজ্য চৰকাৰৰ পৰা ৩ হাজাৰকৈ মাহিলী ভাট্টা লাভ কৰিছিল । কিন্তু প্ৰাথমিক গোটৰ সদস্য তথা কৰ্মীসকলে চৰকাৰৰ পৰা পোৱা মাহিলী ভাট্টা বা জলপানিৰ ধন তেওঁলোকে আজিলৈকে লাভ কৰা নাই । এতিয়ালৈকে মুঠ ৬ কোটি টকা সদস‍্যসকলে পাব লাগে । কিন্ত এটকাও নোপোৱাৰ অভিযোগ তোলে অধ্যক্ষ তিৰ্কু টুডুৱে ।

সংবাদমেলত স্পষ্টভাৱে কয় যে, কেন্দ্ৰীয় বিষয়ববীয়াই সদস্যসকলৰ বেংক পাছবুক আৰু এটিএম কাৰ্ড জব্দ কৰি থৈছে আৰু সদস‍্যসকলৰ ৬ কোটি টকা আত্মসাৎ কৰিছে । এই ধন শীঘ্ৰে মোকলাই দিয়াৰ বাবে বীৰসিং মুণ্ডা আৰু দুৰ্গা হাছদাক আহ্বান জনায় বিৰছা কামাণ্ডো ফ'ৰ্চৰ(বিটি) গোটে । অন্যথা নেতৃত্বৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে নৱগঠিত গোটটোৱে । আগন্তক বিটিচি পৰিষদীয় নিৰ্বাচনত বিচিএফ(বিটি)গোটে বিজেপি দলক পূৰ্ণ সমৰ্থন আগবঢ়োৱা বুলিও জনায় । সংবাদমেলত নৱগঠিত গোটৰ প্ৰায় ২৫০ জন সদস্য আৰু সদস্যা উপস্থিত থাকে ।

লগতে পঢ়ক:চামগুৰিত মৃৎ শিল্পৰ ১০ দিনীয়া কৰ্মশালাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.