ETV Bharat / state

বুঢ়ী ঠাকুৰাণী মন্দিৰত 335 সংখ্যক দুৰ্গা পূজা - কোঁচ ৰজা বিজিত নাৰায়ণ

চিৰাঙৰ বিজনীস্থিত ঐতিহাসিক বুঢ়ী ঠাকুৰাণী মন্দিৰত মৃণ্ময় মূৰ্তি বিহীন 335 সংখ্যক ৰজাদিনীয়া দুৰ্গা পূজা উদযাপন । ক’ভিড 19 ৰ সংক্ৰমণ স্বত্বেও বৰষুণৰ মাজতে পূজাৰ প্ৰতি ব্যাপক সঁহাৰি ভক্তপ্ৰাণ ৰাইজৰ ।

Bijni Buri thakurani than puja celebration chirang assam etv bharat news
বুঢ়ী ঠাকুৰাণী মন্দিৰ
author img

By

Published : Oct 24, 2020, 7:35 PM IST

চিৰাং,24 অক্টোবৰ: চিৰাং জিলাৰ বিজনীৰ ভেটাগাঁওস্থিত ঐতিহাসিক বুঢ়ী ঠাকুৰণী থানত মৃণ্ময় মূৰ্তি বিহীন 335 সংখ্যক দুৰ্গা পূজা পূৰ্বৰ দৰে এইবেলিও আৰম্ভ হৈছে। এইবেলি থানখনত ক’ভিড 19 ৰ বাবে সম্পূৰ্ণভাৱে চৰকাৰী নীতি-নিয়ম পালন কৰি শনিবাৰে অনুষ্ঠিত হয় দেৱীৰ মহা অষ্টমী বিহিত পূজা ৷ সামাজিক দূৰত্ব বৰ্তাই ৰাখি দুৰ্গা পূজা উদযাপন কৰিবলৈ ভক্তপ্ৰাণ লোকসকল ওলাই অহা দেখা যায় ৷ বৰষুণৰ মাজতে ভক্তৰ ভিৰ পৰিলক্ষিত হয় বিজনীৰ বুঢ়ী ঠাকুৰাণী থানত ।

335 সংখ্যক ৰজাদিনীয়া দুৰ্গা পূজা

1686 চনত কোঁচ ৰজা বিজিত নাৰায়ণে স্থাপন কৰা এই মন্দিৰত চলি আহিছে বলি-বিধান ৷ কিন্ত ক’ভিড 19 ৰ বাবে এইবাৰৰ পূজাত বলি-বিধানৰ ব্যৱস্থা কৰা হোৱা নাই বুলি ব্যক্ত কৰে থানখনৰ পৰিচালনা সমিতিয়ে ৷ ৰজাদিনীয়া এই থানত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় ঐতিহাসিক দুৰ্গা পূজা। মন্দিৰটোত মৃণ্ময় মূৰ্তি নথকাৰ বাবে দশমী পূজা অনুষ্ঠিত কৰা নহ’ব জনালে আয়োজক কমিতিয়ে ।

Bijni Buri thakurani than puja celebration chirang assam etv bharat news
বুঢ়ী ঠাকুৰাণী মন্দিৰ

লগতে চাওকঃ মহাষ্টমী বিশেষ: ভৈৰৱী মন্দিৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.