চিৰাং,৫ ফেব্ৰুৱাৰী: চিৰাং জিলাৰ বিজনীত শুকুৰবাৰে বিজেপিৰ এক বিশাল যোগদান সভা লগতে পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হয় । বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হয় এই সভাৰ । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক সুকুমাৰ বিশ্বাস । লগতে অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, বিজনীৰ মনোনীত এম.চি.এল.এ প্ৰদীপ বায়ন, বিজনী বিজেপি দলৰ অ'বিচি মৰ্চাৰ সভাপতি তথা যুৱনেতা অৰুপ কুমাৰ নাথ ।
অনুষ্ঠানত বিজনী সমষ্টিৰ বিভিন্ন দল সংগঠনৰ প্ৰায় ৫০০ লোকে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত । ইফালে আহি থকা নিৰ্বাচনত বিজনী সমষ্টিৰ বাবে এই যোগদান কাৰ্যসূচীয়ে বিশেষ তাৎপৰ্য লাভ কৰিব বুলিও আশাবাদী ৰাজ্যিক সাধাৰণ সম্পাদক সুকুমাৰ বিশ্বাস । সমষ্টিটোত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ দলৰ মজিয়াত আলোচনা চলি থকা বুলিও সাংবাদিকৰ আগত তেওঁ মন্তব্য় কৰে ।
লগতে পঢ়ক:অত্য়াৱশ্য়কীয় সামগ্ৰীৰ মূল্য়বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত মাৰ্ঘেৰিটাত প্ৰতিবাদ