চিৰাং,15 মাৰ্চ: চিৰাঙৰ বিজনী সমষ্টিৰ বিজেপি প্ৰাৰ্থিত্বক লৈ সংঘাত । সোমবাৰে দলীয় নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত ৰাজ্যিক সভাপতি ৰণজিৎ দাসে পুৱা দহ বজাত উপস্থিত হোৱাৰ কথা আছিল ৷ কিন্তু দলীয় সংঘাতৰ বাবে বিয়লি ৪ বজালৈ সভাপতিজন উপস্থিত নোহোৱাত তেওঁৰ অনুপস্থিতিত কাৰ্যালয়টো মুকলি কৰে মধ্য প্ৰদেশৰ ৰাজিক সাধাৰণ সম্পাদক বিনোদ গন্তিয়াই । জিলা সভাপতি বিপ্লৱ দেৱনাথৰ লগতে প্ৰাৰ্থী অজয় কুমাৰ ৰায় উপস্থিত থাকে অনুষ্ঠানটোত ।
বিজনী সমষ্টিত দলটোৰ জ্যেষ্ঠ নেতা অৰূপ দে দাবীদাৰ আছিল যদিও প্ৰাৰ্থিত্ব নিদিয়াত বিজনীৰ বিজেপিত সৃষ্টি হৈছে বিভাজন ৷ ফলত কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থকা দেখা নগ’ল ৰাজ্যিক সভাপতি ৰণজিৎ দাসক ৷ দেওবাৰে অজয় কুমাৰ ৰয়ক বিজেপিয়ে বিজনী সমষ্টিৰ প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰাৰ পিছতে নিশা অৰূপ দেৰ সমৰ্থকে ৰণজিৎ দাসৰ বিভিন্ন পোষ্টাৰ আদি ফালি প্ৰতিবাদ জনাইছিল । উল্লেখ্য যে, কাৰ্যালয়টো মুকলিৰ পিচতে বিভিন্ন দলৰ কেবাজনো সদস্যই বিজেপিত যোগদান কৰে ।
লগতে পঢ়কঃ বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় উচ্ছেদ প্ৰশাসনৰ