চিৰাং,20 মেঃ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত লাওগাওঁ ভাটীপাৰাত ঘটিল হিন্দী চিনেমাৰ দৰে ঘটনা । প্ৰেমিকাক নিবলৈ আহি লপা-থপাৰ সন্মুখীন প্ৰেমিকা ৷ গৰু পঘাৰে বান্ধিলে স্থানীয় ৰাইজে ৷
প্ৰেমে যে নামানে বাধা তাৰে এক প্ৰমাণ ঘটিল চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত লাওগাওঁ ভাটীপাৰাত ৷ প্ৰেমিকাক নিবলৈ সুদূৰ বিহাৰৰ পৰা ওলাই আহিল বিহাৰ গাওঁৰ ভৱলপুৰ জিলাৰ বিনোদ কুমাৰৰ পুত্ৰ গনপতি কুমাৰ ৷ ছয় বছৰীয়া প্ৰেমক বিবাহৰ বান্ধোনত সাঙুৰাৰ উদ্দেশ্যে অসমলৈ আহি ওলাল গণপতি ৷ কিন্তু গণপতিৰ কপালত আছিল শনিৰ দশা ৷ কাৰণ প্ৰেমিকাক নিবলৈ আহি লপা-থপাৰ সন্মুখীন হ’ল প্ৰেমিক ৷ গৰুৰ পঘাৰে বান্ধি থলে স্থানীয় ৰাইজে ৷
উল্লেখ্য় যে, যি প্ৰেমিকাক নিবলৈ আহিছিল বিহাৰৰ পৰা প্ৰেমিক তেওঁৰ প্ৰেমিকা হৈছে অনিতা সাহা দুই কণ্যা সন্তানৰ মাতৃ ৷ বিজনী লাউগাওঁ ভাটীপাৰা প্ৰদীপ সাহাৰ পত্নী অনিতা । গুজৰাটত কাম কৰিবলৈ গৈছিল বিজনীৰ অনিতা সাহা আৰু স্বামী প্ৰদীপ সাহা । ইপিনে কৰ্মসূত্ৰে গুজৰাটতে কৰ্মৰত আছিল বিহাৰৰ গনপতি কুমাৰ । গুজৰাটত বিগত ৮ বছৰে একে লগে কাম কৰিছিলে অনিতা আৰু গণপতিয়ে । হঠাতে গঢ়ি উঠিল অনিতা আৰু গনপতিৰ মাজত প্ৰেমৰ সম্পৰ্ক । যোৱা ছয় বছৰে দুয়োৰে মাজত চলি আছিল প্ৰেম-প্ৰীতি । পিচে অনিতাৰ ভাতৃৰ বিয়াৰ উদ্দেশ্যে বিজনীলৈ আহিল প্ৰেমিকা আৰু স্বামী প্ৰদীপ সাহা । এতিয়া প্ৰেমিকাৰ অবিহনে কেনেকৈ ৰৈ থাকে প্ৰেমিক ৷ সেয়েহে প্ৰেমিকাক নিবলৈ বিহাৰৰ পৰা আহি বিজনীত পালেহি গণপতি । আহিছিল ঠিকেই প্ৰেমিকাক নিবলৈ কিন্তু নিজে আলহী হ’ল ৰঙাঘৰৰ ৷ প্ৰেমিক গনপতিক স্থানীয় ৰাইজে ধৰি বান্ধি গতালে বড়োবজাৰ আৰক্ষীক ৷