ETV Bharat / state

চিৰাঙত প্ৰকাণ্ড অজগৰ উদ্ধাৰ - ভুটিয়াপাৰা

চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ভুটিয়াপাৰাত ছয় ফুট দীঘল অজগৰ উদ্ধাৰ

চিৰাঙত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
author img

By

Published : Sep 3, 2019, 12:17 PM IST

চিৰাং, 03 চেপ্তেম্বৰঃ

  • চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ভুটিয়াপাৰাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
  • সঞ্জয় দেৱনাথ নামৰ এজন ব্যক্তিৰ ঘৰৰ বাঁহনিত উদ্ধাৰ অজগৰ ডাল
    চিৰাঙত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
  • প্ৰকাণ্ড অজগৰডাল প্ৰত্যক্ষ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হয় আতংকৰ
  • বাসুগাঁৱৰ স্থানীয় সাংবাদিক জয়ন্ত দেৱনাথৰ তৎপৰতাত অজগৰডাল উদ্ধাৰ কৰি গটাই দিয়ে বাসুগাঁও বন বিভাগক
  • অজগৰডাল প্ৰায় ছয় ফুট দৈঘ্যৰ হ'ব বুলি অনুমান কৰা হৈছে

Intro:চিৰাঙৰ বাসুগাঁও চহৰৰ ভুটিয়াপাৰাত অজগৰ সাপ উদ্ধাৰ । সাংবাদিকে উদ্ধাৰ কধি গতালে বন বিভাগক ।

Body:আজি পুৱাৰ ভাগত বাসুগাঁও চহৰৰ ভুটিয়াপাৰাৰ সঞ্জয় দেৱনাথ নামৰ এজন ব্যক্তিৰ ঘৰৰ বাঁহনিত ওলাল এডাল প্ৰকাণ্ড অজগৰ সাপ ৷ বাঁহ গছৰ ওপৰত প্ৰকাণ্ড অজগৰ সাপডাল প্ৰত্যক্ষ কৰি অঞ্চলটোত ৰাইজৰ মাজত সৃষ্টি হয় আতংকৰ ৷ কিয়নো পূৰ্বতে কোনো দিনে গাৱত ইমান ডাঙৰ সাপ প্ৰত্যক্ষ কৰা নাছিল ৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত অসমৰ ব্যাক্তিগত চেনৰলৰ সাংবাদিক জয়ন্ত দেৱনাথ ঘটনা স্থলীত উপস্থিত হয় আৰু অতি কৌশলেৰে অজগৰডাল বাঁহ গছৰ পৰা নমাই অানিবলৈ সক্ষম হয় ৷ সাংবাদিকগৰাকীৰ তৎপৰতাত অজগৰ সাপডাল উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত ৰাইজ আস্বস্ত হয় । প্ৰায় ৬ ফুট দৈৰ্ঘৰ অজগৰ সাপ ডালক বস্তাত বন্দী কৰি পিচত বাসুগাঁও বন বিভাগৰ কাৰ্য্যালয়ত গতাই দিয়া হয় ।

Conclusion:পুৰ্বৰে পৰা সাপ ধৰাৰ অভিজ্ঞতা থকা বাসুগাঁওৰ সাংবাদিক জয়ন্ত দেবনাথে অজগৰডাল উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে । বন বিভাগৰ লোকে জনাই নাছিল যে বাসুগাঁওত অজগৰ সাপ উদ্ধাৰ হৈছে বুলি ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.