ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে সৰব বঙালী যুৱ ছাত্ৰ ফেডাৰেচন

author img

By

Published : Nov 18, 2020, 9:40 PM IST

হিমন্তৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ । চিৰাঙৰ বিজনীত বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদ মেল। বিজেপিয়ে সদায় বঙালী বিদ্বেষী কাম কৰি আছে । মাথো নিৰ্বাচন আহিলেহে বিজেপিৰ বঙালীৰ কথা মনত পৰে বুলি তীব্ৰ সমালোচনা কৰে ৰাহুল ঘোষে ।

Chirang Bengoli federation reaction
Chirang Bengoli federation reaction

চিৰাং, 18 নৱেম্বৰ : মন্ত্ৰী হিমন্ত বিশ্বই বিটিচিত নিৰ্বাচনী প্ৰচাৰৰ নামত বিভিন্ন দল সংগঠনক কটাক্ষ কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বঙালী সংগঠনে । সদৌ বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদকে এক সংবাদ মেলত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । সাধাৰণ সম্পাদক ৰাহুল ঘোষে সংবাদ মেলত কয় যে, যোৱা কেইদিনৰ পৰা বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ নামত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনক উদ্দেশ্য কৰি মন্তব্য কৰি আছে । বঙালী সকলে বিজেপিক কিয় ভোট দিব বুলি প্ৰশ্ন কৰি কয় যে, এই বিষয়টো বঙালী সকলৰ কাৰণে অতি চিন্তনীয় বিষয় ।

তেওঁ কয় যে, বিজেপিয়ে সদায় বঙালী বিদ্বেষী কাম কৰি আছে । বিজেপিৰ হিন্দুত্ববাদী বিধায়ক শিলাদিত্য দেৱৰ সমষ্টিত বহু লোকৰ নাম কৰ্তন কৰা হৈছে এনআৰচিৰ পৰা । ইয়াৰোপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ সমষ্টিতো বহু বঙালি হিন্দুৰ নাম কৰ্তন হৈছে । এনে উদাহৰণ বহুত আছে । প্ৰধান মন্ত্ৰীয়ে বৰাকত নিৰ্বাচনী প্ৰচাৰলৈ আহি ডিটেনচন কেম্প ভঙাৰ কথা কৈছিল । কিন্তু এতিয়াও বাহাল আছে ডিটেনচন কেম্প । নতুনকৈ আৰু ডিটেনচন কেম্প বনাইয় আছে । এই মিছলীয়া চৰকাৰে নিৰ্বাচনী বতৰ আহিলেই বঙালী হিন্দুৰ ভোট লোৱাৰ বাবে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দি যায় বুলি মন্তব্য কৰে ৰাহুল ঘোষে ।

বিজেপিৰ বিৰুদ্ধে সৰব বঙালী যুৱ ছাত্ৰ ফেডাৰেচন

গোৱালপাৰাত মোদীৰ ঘোষণাৰ পিচতে বঙালী সকলক উপহাৰ হিচাবে স্থায়ী ডিটেনচন কেম্প বনাই আছে আৰু বঙালী সকলক হত্যাৰ ষড়যন্ত্ৰ কৰিছে বুলি মন্তব্য কৰে সাধাৰণ সম্পাদকজনে । বহু লোক জীৱিত অৱস্থাত বিদেশী হৈ ডিটেনচন কেম্পত থাকে আৰু মৃত্যুৰ পিচত স্বদেশী হয় । এনে অৱস্থাত মুখ্যমন্ত্ৰী সহ সকলো লোকেই বহু কথাই কৈছিল যি সমূহ এতিয়া মিছাত পৰিণত হৈছে । মাথো নিৰ্বাচন আহিলেহে বিজেপিৰ বঙালীৰ কথা মনত পৰে বুলি তীব্ৰ সমালোচনা কৰে ৰাহুল ঘোষে ।

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰিলে বঙালী সকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে, আমি এই সকলোবোৰ বুজি পাইয়ো কিয় বিজেপিত যাম । ১৯৫১ চনৰ নাগৰিক পঞ্জী নথকা কোনো বঙালী নাই বিটিচিত । গতিকে ডি ভোটাৰৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ আহ্বান জনায় সম্পাদক গৰাকীয়ে । অন্যথা তীব্ৰ আন্দোলন কৰি যোৱাৰো হুংকাৰ দিয়ে তেওঁ ।

লগতে পঢ়ক : ডিমা হাছাওৰ মাহুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.