চিৰাঙ,২০ আগষ্ট: অসম চৰকাৰে দৰিদ্ৰ মহিলাসকলৰ পৰিপুষ্টিৰ বাবে মাহিলী হিচাপে প্ৰদান কৰা এহেজাৰ টকাৰ হিতাধিকাৰী বাচনিৰ বাবে শনিবাৰে চিৰাং জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (Launch of beneficiary inspection work of Arunodaya Yojana)। অনুষ্ঠানত অৰুণোদয় আঁচনিৰ নিৰীক্ষকসকলক হিতাধিকাৰী বাচনি প্ৰক্ৰিয়াটো স্বচ্ছতাৰে কৰিবলৈ আহ্বান জনায় পাৰিষদ জেমচ বসুমতাৰীয়ে ।
অসম চৰকাৰৰ সচিব মৃদুল মহন্তই কয়, অসম চৰকাৰে প্ৰদান কৰা আঁচনিসমূহ যাতে সুচাৰুৰূপে হোৱাৰ লগতে পাবলগীয়া জনেই পায়, তাত যাতে কোনো দুৰ্নীতি নহয় ইয়াৰ প্ৰতি যাতে সকলোৱে দৃষ্টি ৰাখে (Arunodoy scheme will verify students) । অনুষ্ঠানটোত উপস্থিত থকা চিদলীৰ বিধায়ক জয়ন্ত কুমাৰ বসুমতাৰীয়ে কয়, অৰুণোদয় আঁচনি ৰূপায়নত যাতে কোনো দুৰ্নীতি নহয় তাৰ নিৰীক্ষণত এইবাৰ কলেজীয়া ছাত্ৰ নিয়োগ কৰাটো এক ভাল খবৰ ।
তেওঁ আশা প্ৰাকাশ কৰি কয়, এনে প্ৰক্ৰিয়াৰ জৰিয়তে সুন্দৰভাৱে পৰিচালিত হ’ব আঁচনিখন । জিলাখনৰ ২৮ হেজাৰ হিতাধিকাৰীৰ তথ্য পৰীক্ষণ কৰিব কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে । এই শুভাৰম্ভ অনুষ্ঠানত অসম চৰকাৰৰ সচিব মৃদুল মহন্ত, চিৰাঙৰ জিলা উপায়ুক্ত পি বিজয় ভাষ্কৰ ৰেড্ডী, চিদলীৰ বিধায়ক জয়ন্ত কুমাৰ বসুমতাৰীসহ জিলা প্ৰশাসনৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক: বন বিভাগত IFS বিষয়াৰ নেতৃত্বত বৃহৎ কেলেংকাৰীৰ অভিযোগ