ETV Bharat / state

বেংতলত দিন ডকাইতি

চিৰাঙৰ বেংতল অসম গ্ৰামীন বিকাশ বেংকৰ শাখাত দিন ডকাইতি

বেংতলত দিন ডকাইতি
author img

By

Published : Mar 7, 2019, 8:37 PM IST

চিৰাং, ০৭ মাৰ্চ : চিৰাঙৰ বেংতল অসম গ্ৰামীন বিকাশ বেংকৰ শাখাত দিন ডকাইতি । বৃহস্পতিবাৰে চিৰাঙৰ বেংতল অসম গ্ৰামীন বিকাশ বেংকত কামকাজ চলি থকা অৱস্থাতে দুৰ্বৃত্তই লুটি নিলে দুই লক্ষ্যাধিক টকা । ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও তীব্ৰ চাঞ্চল্য বেংতল অঞ্চলত ।চিৰাঙৰ ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতল আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই মুহুৰ্তলৈকে কোনো এজাহাৰ দিয়া নাই বেংক কৰ্তৃপক্ষৰ পৰা । ঘটনাত শাখাটোৰ কোনো কৰ্মচাৰী জৰিত থকাৰ সন্দেহ আৰক্ষীৰ প্ৰাথমিক তদন্তত ।

উল্লেখ্য যে, দুবছৰ পূৰ্ব্বে এন ডি এফ বি (স)ৰ ভাৱুকি আৰু ধন দাবীৰ পিচত কিছুদিন বন্ধ আছিল যদিও স্থানীয় ৰাইজৰ দাবী আৰু নিৰাপত্তাত পুনৰ আৰম্ভ কৰা হৈছিল গাৱলীয়া বেংকৰ শাখাটো ।

Slug : A_Chirang_7th March_807_Chirang Bank robbery_vis_Abdul Maleque Ahmed. 

Send by mail. 

চিৰাঙৰ বেংতল অসম গ্ৰামীন বিকাশ বেংক ৰ শাখাত দিন ডকাইতি ।  বেঙ্কৰ কামকাজ চলি থকা অৱস্থাতে সুযোগ বুজি দুৰ্বৃত্তই কেচিয়াৰৰ কেশৰ টেবিলৰ পৰা লুটি নিলে দুই লক্ষ টকা । ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান বেংতলত তীব্ৰ চাঞ্চল্য । দুবছৰ পুৰ্ব্বে এন ডি এফ বি (স)ৰ ভাৱুকি আৰু ধন দাবীৰ পিচত কিছুদিন বন্ধ আছিল যদিও স্থানীয় ৰাইজৰ দাবী আৰু নিৰাপত্তাত পুনৰ আৰম্ভ কৰে গাৱলীয়া বেংকৰ শাখাটো । আচৰ্য্যৰ কথা যে বেংকৰ ভিতৰত নাই কোনো চিচি কেনেৰাৰ ব্যৱস্থা । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এই বিষয়ে । জিলাখনৰ ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতল আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ চলাইছে তদন্ত । এই মুহুৰ্তলৈ কোনো এজাহাৰ দিয়া নাই বেংকৰ শাখাটোৰ ফালৰ পৰা । আৰক্ষীয়ে প্ৰাথমিক ভাৱে সন্দেহ কৰিছে বেংকৰ এই টকা হৰলুকিৰ ঘটনাত শাখাটোৰ কোনো কৰ্মচাৰী জড়িত থকাৰ । পৰৱৰ্তি সময়ত আৰক্ষীৰ তদন্তত কি প্ৰকাশ পায় তাৰ বাবে অপেক্ষা কৰিছে সকলোৱে । সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষী বা বেংক কতৃপক্ষই এই মুহুৰ্তলৈ কোনো তথ্য প্ৰকাশ কৰা নাই ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.