ETV Bharat / state

চিৰাঙৰ ওদালগুৰিত এবিএমছুৰ উদ্যোগত সজাগতা সভা - Awarevess progremme of ABMSU in Chirang

এবিএমছু (আশ্ৰাফুল)গোটৰ উদ্যোগত আৰু বৃহত্তৰ ৰাইজৰ সহযোগত সমাজত চলা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এখন শিক্ষা আৰু নাগৰিক সজাগতা সভা অনুষ্ঠিত হয়(Awareness programme of ABMSU in Chirang)।

Awarevess progremme of ABMSU in Chirang
চিৰাঙৰ ওদালগুৰিত এবিএমছুৰ উদ্যোগত সজাগতা সভা
author img

By

Published : Sep 12, 2022, 9:11 PM IST

চিৰাং, ১১ ছেপ্টেম্বৰ: চিৰাঙৰ ওদালগুৰিত এবিএমছু (আশ্ৰাফুল)গোটৰ উদ্যোগত আৰু বৃহত্তৰ ৰাইজৰ সহযোগত সমাজত চলা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এখন শিক্ষা আৰু নাগৰিক সজাগতা সভা অনুষ্ঠিত হয়(Awareness programme of ABMSU in Chirang)। উক্ত সভাত এবিএমছুৰ সাধাৰণ সম্পাদক(ABMSU General Secretary) টাইচন হুছেইন আৰু মূখ্য অতিথি হিচাপে উপস্থিত থাকে লেখিকা শিখা শৰ্মা ।

উক্ত সভাতলেখিকা শিখা শৰ্মাই কয় যে ভিক্টৰ দাসৰ অভিযোগ আৰু গ্ৰেপ্তাৰ অসম চৰকাৰে ৰচনা কৰা এখন নাটকহে । তেওঁ পুনৰ কয় যে মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, চাকৰি প্ৰদান কৰাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ । ৰিণিকি ভুঞাৰ ভূমি কেলেংকাৰী, বিদ্যালয় স্থাপন , সাৰদা কেলেংকাৰী ইত্যাদি সন্দৰ্ভ উল্লেখ কৰি মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ।

চিৰাঙৰ ওদালগুৰিত এবিএমছুৰ উদ্যোগত সজাগতা সভা

ইপিনে, উক্ত সভাত এবিএমছুৰ সাধাৰণ সম্পাদক টাইচন হুছেইনে কয় যে, ভিক্টৰ দাসক চৰকাৰে তদন্ত নকৰাকৈ অপ্ৰয়োজনীয় ধাৰা জাপি গ্ৰেপ্তাৰ কৰিলে । এই ক্ষেত্ৰত চৰকাৰে আইনৰ ব্যৱস্থা নিজেই উলংঘা কৰিছে বুলি মন্তব্য কৰে হুছেইনে । অনুষ্ঠানটোত এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলাম, সংখ্যালঘু প্ৰগতিশীল মঞ্চ অসমৰ সভাপতি শ্বাহ কামাল খন্দকাৰসহ বিশিষ্ট ব্যক্তি সকল অতিথি হিচাপে উপস্থিত থাকে । তেওঁলোকে শিক্ষা আৰু সমাজ চলি থকা অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক:বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.