চিৰাং,3 ফেব্ৰুৱাৰী : চিৰাঙত বুধবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ দহ লাখ টকাৰ দাবী কৰি দুৰ্বৃত্তই ডেগাৰেৰে ঘপিয়ালে এজন লোকজনক ৷ লোকজনৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে 50 হাজাৰ টকা ৷
প্ৰাপ্ত তথ্য অনুসৰি, চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাৰ প্ৰয়াত শিক্ষক ৰুস্তম আলী আহমেদৰ পুত্ৰ আজাদ আলী আহমেদক ঘৰৰ সমীপৰে সাইজুদ্দিন আলী নামৰ লোকজনে নিজ ঘৰলৈ মাতি নি চোকা অস্ত্ৰৰে ভাবুকি দি দহ লাখ টকা দাবী কৰে আজাদ আলীক । প্ৰায় এঘণ্টা সময় চোকা অস্ত্ৰৰে টকা বিচাৰি ভীতি প্ৰদৰ্শন কৰাৰ উপৰিও মাৰপিট কৰে আজাদক ৷
ইয়াৰোপৰি, সাইজুদ্দিনে ভায়েকৰ সৈতে মিলি চোকা অস্ত্ৰৰে ঘপিয়াই আৰু ডিঙি চেপি ধৰি আজাদ আলীক হত্যা কৰাৰো চেষ্টা কৰে আৰু লগত থকা 50 হাজাৰ টকা কাঢ়ি লয় । অৱশেষত সাইজুদ্দিনৰ দেউতাকে আজাদ আলী আহমেদৰ ঘৰত দিয়াৰ পাচত আজাদৰ পৰিয়ালে আজাদক উদ্ধাৰ কৰি লৈ যায় ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে দুই অভিযুক্ত সাইজুদ্দিন আৰু ভায়েকক আৰক্ষীয়ে আটক কৰে আৰু তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ প্ৰতিৱেশীৰ: বলপূৰ্বকভাৱে এচিড পান কৰোৱাৰ চেষ্টা