ETV Bharat / state

BSF Jawan swahid: হৃদৰোগত আক্ৰান্ত হৈ ওড়িশাত অসমৰ BSF জোৱানৰ মৃত্যু

author img

By

Published : Jul 20, 2023, 4:16 PM IST

ওড়িশাত কৰ্তব্যৰত অবস্থাত অসমৰ এজন বিএছএফ জোৱানৰ মৃত্যু হয় ৷ হৃদৰোগত আক্ৰান্ত হৈ চিৰাঙৰ কাকাৰাগাঁৱৰ বিএছএফ জোৱান গকুল সিংহই অকাল মৃত্যুক সাৱটি লয় ৷

BSF Jawan swahid
হৃদৰোগত আক্ৰান্ত হৈ ওড়িশাত অসমৰ BSF জোৱানৰ মৃত্যু

চিৰাং, 20 জুলাই : চিৰাং জিলাৰ কাকাৰাগাঁৱত শোকাকুল পৰিৱেশ ৷ শেহতীয়াকৈ ওড়িশাত কৰ্তব্যৰত অবস্থাত চিৰাঙৰ কাকাৰাগাঁৱৰ এগৰাকী বিএছএফ জোৱানে অকাল মৃত্যুক সাৱটি লয় ৷

চিৰাং জিলাৰ কাজলগাঁও থানাৰ নীলিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত কাকাৰাগাঁৱৰ বাসিন্দা লজেন সিংহৰ কণিষ্ঠ পুত্ৰ গকুল সিংহই মাত্ৰ ৩৩ বছৰ বয়সত ওড়িশাৰ কোৰাপুট শিৱিৰত কৰ্তব্যৰত অবস্থাত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে । বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটী বিমানবন্দৰৰ পৰা মৃত জোৱানজনৰ নশ্বৰ দেহ চিৰাঙৰ কাকাৰাগাঁওস্থিত বাসগৃহলৈ অনাৰ পিচতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷

ইয়াৰ পিচতে কাকাৰাগাঁও জনকল্যাণ লাইব্ৰেৰী আৰু ক্লাৱ চৌহদত প্ৰয়াত বিএছএফ জোৱান গকুল সিংহক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ব্যৱস্থা কৰা হয় । সহস্ৰাধিক শোকাকূল ৰাইজৰ উপস্থিতিত ধুবুৰী জিলাৰ পানবাৰীস্থিত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ ৩১ নং বেটেলিয়ানে শূণ্যলৈ তিনিজাঁই গুলী নিক্ষেপ কৰি সামৰিক চালামি জনাই প্ৰয়াত গকুল সিংহক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ স্থানীয় ৰাইজৰ উপৰি চিৰাং জিলা আৰক্ষী ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় প্ৰয়াত জোৱানজনক ।

বিএছএফত চাকৰি পোৱাৰ পূৰ্বৰে পৰা বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত থকা বিএছএফ জোৱান গকুল সিংহৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ কাকাৰাগাঁৱত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ ২০১১ চনত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফত যোগদান কৰা গকুল সিংহই মৃত্যুৰ সময়ত পিতৃ, পত্নী, আঠ বছৰীয়া একমাত্ৰ কন্যা আৰু দুই জ্যেষ্ঠ ভাতৃক সংসাৰত এৰি থৈ যায় । ইফালে একাংশই গকুলৰ মৃত্যু হাৰ্ট এটেক হৈ হোৱা বুলি কোৱাৰ লগতে একাংশই হাই প্ৰেছাৰৰ বাবে মৃত্যুৰ মুখত পৰিছে বুলি পৰিয়ালৰ লোকক অৱগত কৰে ৷

লগতে পঢ়ক: Kuki woman raped: মণিপুৰত কুকি মহিলাক ধৰ্ষণৰ অভিযুক্ত এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.