চিৰাং,3 জানুৱাৰী: অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত দেওবাৰে চিৰাং জিলাৰ নিৰ্বাচিত ছাত্ৰীসকলৰ মাজত দেওবাৰে বিতৰণ কৰা হয় স্কুটী ৷ চিৰাং জিলাৰ সদৰ কাজলগাঁও বডোলেণ্ড অতিথিশালাৰ কাষৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি স্কুটী সমূহ বিতৰণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷
2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা জিলাখনৰ মুঠ 287 গৰাকী ছাত্ৰীৰ ভিতৰৰ মুঠ 50 গৰাকী ছাত্ৰীক স্কুটী বিতৰণ কৰা হয় ৷ চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ড৹ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰে বিদগ্ধ পণ্ডিত ড৹ বাণীকান্ত কাকতিৰ জীৱন দৰ্শনৰ ওপৰত ভাষণ দিয়ে ৷
আনহাতে মুখ্য অতিথিৰূপে উপস্থিত থকা বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মানৱ সভ্যতা গঢ়াৰ বাবে ড৹ বাণীকান্ত কাকতিৰ দৰে এজন আদৰ্শবান লোকৰ জন্ম হৈছিল বুলি উল্লেখ কৰে ৷ লগতে বাণীকান্ত কাকতিৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ ছাত্ৰী সকলক আহ্বান জনাই প্ৰমোদ বড়োৱে ৷ সভাত উপস্থিত থাকে বিটিচিৰ পৰিষদীয় সদস্য ৰাকেশ ব্ৰহ্ম, মাধৱ চন্দ্ৰ ছেত্ৰী, বিটিচিৰ শিক্ষা সঞ্চালক জগদ্বীশ প্ৰসাদ ব্ৰহ্ম, জিলা উপায়ুক্ত গৌতম তালুকদাৰ, জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং,বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ, জিলা শিক্ষা বিষয়া সহ ভালেমান অতিথি ৷
লগতে পঢ়কঃ 21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়,অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ: ভাস্কো ডি শইকীয়া