চিৰাং, 12 এপ্ৰিলঃ ইউ জি ব্ৰহ্ম জিকিব বাবে হাগ্ৰামা , কংগ্ৰেছ আৰু হীৰা শৰণীয়া সকলো ভয় খাই আছে এই মন্তব্য বদৰুদ্দিন আজমলৰ ৷ শুকুৰবাৰে চিৰাঙৰ হাশ্ৰাওবাৰীত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল আৰু এ আই ইউ ডি এফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে৷
কোকৰাঝাৰৰ পৰা বিজয়ী হ'লে উৰ্খাও গৌৰা ব্ৰহ্ম কেন্দ্ৰীয় মন্ত্ৰী হ'ব । গতিকে সকলোৱে বিপুল ভোটত তেঁওক বিজয়ী কৰক বুলি আহ্বান জনায় বদৰুদ্দিন আজমলে । উক্ত সভাত এ আই ইউ ডি এফৰ কাৰ্যকৰী সভাপতি ড. আদিত্য লাংথাচা, সাধাৰণ সম্পাদক আমিনুল ইচলামসহ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্ম সহ বহু কেইজন নেতা উপস্থিত থাকে৷