চিৰাং, 26 অক্টোবৰ : চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে আশাকৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আশাকৰ্মীসকলক কোনো ধৰণৰ পাৰিতোষিক নিদিয়াকৈ এটাৰ পিছত এটাকৈ ক'ভিড-১৯ৰ প্ৰতিৰোধৰ কাম জাপি দিয়াৰ প্ৰতিবাদত চিৰাঙৰ শতাধিক আশাকৰ্মীয়ে জিলা সদৰ কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদকাৰীসকলে ক'ভিডৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসকৰ পৰা আৰম্ভ কৰি সকলো স্বাস্থ্যকৰ্মীক অতিৰিক্তভাৱে পাৰিতোষিক দিয়া হৈছে যদিও ইয়াৰ বিপৰীতে আশাকৰ্মীসকলক কোনো ধৰণৰ পাৰিতোষিক নিদিয়াকৈ ক'ভিড-১৯ৰ কামত জিলা প্ৰশাসনৰ পৰা হেঁচা প্ৰয়োগ কৰা কাৰ্যৰ বিৰোধিতা কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
আশাকৰ্মীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি তেওঁলোকৰ দাবীসমূহ পূৰণৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ