ETV Bharat / state

চিৰাঙৰ পাটাবাৰীত ইউ পি পি এলৰ পৰিৱৰ্তন যাত্ৰা - পৰিষদীয় নিৰ্বাচনত

বি টি চি পৰিষদীয় নিৰ্বাচনত বিজয় ধ্বজা উৰুৱাবলৈ কঁকালত টঙালি বান্ধিছে ইউ পি পি এলে। পৰিষদীয় সমষ্টিসমূহত দলটোৰ প্ৰচাৰ অভিযান অব্যাহত। চিৰাঙৰ পাটাবাৰীত ইউ পি পি এলৰ পৰিৱৰ্তন যাত্ৰা।

চিৰাঙৰ পাটাবাৰীত ইউ পি পি এলৰ পৰিৱৰ্তন যাত্ৰা

author img

By

Published : Nov 4, 2020, 1:45 PM IST

চিৰাং, ৪ নৱেম্বৰ: নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে ক্ৰমাত্ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে চিৰাঙত। কৰ'ণা মহামাৰীৰ ত্ৰাসৰ মাজতে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাজনৈতিক দলসমূহে। বি টি চিৰ শাসনৰ গাদী দখলৰ বাবে নিৰ্বাচনী প্ৰচাৰত উঠি-পৰি লাগিছে ইউনাইটেড পিপুলচ পাৰ্টী লিবাৰেল চমুকৈ ইউ পি পি এল দলে। চিৰাং জিলাৰ ১৬ নং নিছিমা পৰিষদীয় সমষ্টিত পৰিৱৰ্তন যাত্ৰা শীৰ্ষক সমদল উলিয়ায় দলটোৱে।

চিৰাঙৰ পাটাবাৰীত ইউ পি পি এলৰ পৰিৱৰ্তন যাত্ৰা
চিৰাঙৰ পাটাবাৰীত ইউ পি পি এলৰ পৰিৱৰ্তন যাত্ৰা

এই পৰিৱৰ্তন যাত্ৰাৰ নেতৃত্ব দিয়ে সমষ্টিটোৰ ইউ পি পি এল দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলটোৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে। আনহাতে, আগন্তুক নিৰ্বাচনত জয়ী হৈ ইউ পি পি এল দলে পৰিষদ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰে নিৰ্মল কুমাৰ ব্ৰহ্মই।

লগতে পঢ়ক:নিমিষতে কৃত্ৰিম বানত ডুবিল মহানগৰীৰ আদাবাৰীৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.