ETV Bharat / state

হাগ্ৰামাক অন্ধকাৰত ৰাখি বিটিআৰ চুক্তিৰ ব্যৱস্থা কৰা হৈছিল : অঞ্জলী দৈমাৰী

author img

By

Published : Aug 28, 2020, 11:30 PM IST

তদানীন্তন বিচিটি প্ৰধান হাগ্ৰামা মহিলাৰী বিটিআৰ চুক্তি কৰোতে সাক্ষী হে আছিল বুলি মন্তব্য কৰে বড়ো ওমেন জাষ্টিছ ফ'ৰামৰ সভানেত্ৰী তথা বিপিএফৰ কেন্দ্ৰীয় সম্পাদক অঞ্জলী দৈমাৰীয়ে ৷

Anjali Daimari about on BTR accord and Hagrama Mohilari
হাগ্ৰামা মহিলাৰীক অন্ধকাৰত ৰাখি বিটিআৰ চুক্তিৰ ব্যৱস্থা কৰা হৈছিলঃ অঞ্জলি দৈমাৰী

চিৰাং, 28 আগষ্ট: কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনেই বৃদ্ধি পাই থকাৰ মাজতে বিটিচিৰ চাৰিখন জিলাতে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজনৈতিক দল সমুহৰ নিৰ্বাচনী তৎপৰতা ৷ প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ লগতে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি প্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে চিৰাং জিলাৰ ছাপাগুৰি লাউজুৰিপাৰাত কাজলগাঁও ব্লক বিপিএফৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ৷

চিৰাং জিলা বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি চিনেন বসুমতাৰীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকি বিপিএফৰ মহিলা গোটৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্মই ভাষণত মহিলাৰ সৱলীকৰণ কৰাত হাগ্ৰামা মহিলাৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে বুলি মন্তব্য কৰে । লগতে সমাগত বিটিচি নিৰ্বাচনত পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিৰ পৰিষদ গঠন হ'ব বুলি আশা ব্যক্ত কৰি ৰাইজক দলৰ প্ৰতি সঁহাৰি জনাই শক্তিশালী কৰিবলৈ আহ্বান জনায় ।

ইফালে সভাত বিপিএফত সদ্য যোগদান কৰা বড়ো ওমেন জাষ্টিছ ফ'ৰামৰ সভানেত্ৰী তথা বিপিএফৰ কেন্দ্ৰীয় সম্পাদক অঞ্জলি দৈমাৰীয়ে কয় যে, দেশে স্বাধীনতা লাভ কৰা 74 বছৰৰ পাচতো দেশৰ নাগৰিক মৌলিক সমস্যা ৰৈ আছে । ইয়াৰ ওপৰিও বিগত পোন্ধৰ বছৰত বিপিএফে আন্তঃগাঁঠনি কৰাকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম কৰিছে বুলি মন্তব্য কৰে অঞ্জলি দৈমাৰীয়ে ৷

গতিকে পুনৰাই ৰাইজে বিপিএফকে আকোঁৱালি ল'ব বুলিও মন্তব্য কৰে নেত্ৰী গৰাকীয়ে । আনহাতে এন ডি এফ বিৰ নেতা বি আৰ নাৱলা ওৰফে ৰঞ্জন দৈমাৰীৰ মুক্তি সন্দৰ্ভত তেখেতে মন্তব্য কৰে যে, ৰঞ্জন দৈমাৰীৰ মুক্তি সন্দৰ্ভত সভা সমূহত সকলোৱে কয় যদিও এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই ৷ লগতে তদানীন্তন বিচিটি চীফ হাগ্ৰামা মহিলাৰী বিটিআৰ চুক্তি কৰোতে সাক্ষী হে আছিল বুলি মন্তব্য কৰাৰ লগতে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক অন্ধকাৰত ৰাখি চুক্তিৰ দফাবোৰ কৰা হৈছিল বুলি উল্লেখ কৰে অঞ্জলি দৈমাৰীয়ে ৷

লগতে পঢ়কঃ হাগ্ৰামা মহিলাৰীক উভতি ধৰিলে প্ৰমোদ বড়োৱে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.