চিৰাং,10 ফেব্ৰুৱাৰী: সমাগত অসম আৰু পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন ৷ ইতিমধ্য দুয়োখন ৰাজ্যতে নিৰ্বাচনক লৈ বিজেপি চৰকাৰখনে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী ৷ সঘনে আহ-যাহ চলিছে দলটোৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ ৷ ইয়াৰ মাজতে 11 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷
চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এচ’চিয়েশ্যনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ ঘৰলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ গ্ৰেটাৰ কোচবিহাৰ পিপলচ এচ’চিয়েশ্যনৰ উপদেষ্টা অনন্ত মহাৰাজ, সভাপতি নিৰ্মল ৰায় আৰু সাধাৰণ সম্পাদিকা নমিতা বৰ্মনৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ ৷
অনন্ত ৰায়ে নিজকে কোচ ৰাজবংশী বংশৰ একমাত্ৰ উত্তৰাধিকাৰী হিচাপে দাবী কৰে ৷ অসমৰ লগতে পশ্চিম বংগত বসবাস কৰা বহুতো কোচ ৰাজবংশী লোক ৰায়ৰ ভক্ত ৷
অসম আৰু পশ্চিম বংগৰ সমাগত নিৰ্বাচনৰ পূৰ্বে শ্বাহ আৰু অনন্ত ৰায়ৰ হ’বলগীয়া বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ এই বৈঠকৰ সফলতাই অসম আৰু পশ্চিম বংগৰ কোচ ৰাজবংশী ভোটাৰ সকলক গেৰুৱা দলৰ প্ৰতি আকৰ্ষিত কৰিব বুলি ধাৰণা কৰা হৈছে ৷
অসমৰ কোচ ৰাজবংশী লোকসকলে দাবী কৰে যে, উত্তৰ বংগৰ সীমান্তৱৰ্তী অসমৰ দক্ষিণ জিলাসমূহত প্ৰায় 70 লাখ কোচ ৰাজবংশী জনজাতীয় লোক আছে ৷
চৰকাৰী তথ্য অনুসৰি অসমৰ 19টা বিধানসভা সমষ্টিত কোচ ৰাজবংশী লোকসকলৰ ভোটে প্ৰভাৱ পেলায় ৷ ইয়াৰ ভিতৰত বিটিআৰৰ অন্তৰ্ভক্ত হৈ আছে কেইবাটাও সমষ্টি ৷ সমান্তৰালকৈ, পশ্চিম বংগতো প্ৰায় 18 লাখ কোচ ৰাজবংশী ভোটাৰ আছে যি প্ৰায় 14 টাকৈ টা বিধাসভা সমষ্টিত প্ৰভাৱ বিস্তাৰ কৰে ৷
গ্ৰেটাৰ কোচবিহাৰ পিপলছ এচ’চিয়েশ্যনৰ বিভিন্ন দাবীক সহাঁৰি জনাই এই বৈঠক অনুষ্ঠিত হ’ব বুলি জনায় অনন্ত ৰায় মহাৰাজে । তেওঁ আৰু কয় যে, চিৰাঙত এই বৈঠকত মিলিত হোৱাৰ পিছতেই কোচবিহাৰৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ৷ আৰু এই সভাতেই গৃহমন্ত্ৰীয়ে চিৰাঙত হোৱা আলোচনাৰ ফলাফলৰ বিষয়ে ঘোষণা কৰিব ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ চিৰাং ভ্ৰমনক লৈ ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে চিৰাং প্ৰশাসনে । আৰক্ষী, চিআৰপিএফ, সেনা, এচ এচ বি, এচপিজি আদি বিভিন্ন বিভাগৰ নিৰাপত্তা বাহিনীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷
লগতে পঢ়ক-নামৰূপ সাৰ কাৰখানালৈ 100 কোটিঃ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ