ETV Bharat / state

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বানসাহাৰ্য হিচাপে বিতৰণ বিজেপি নেতাৰ - চিৰাঙত নিৰ্বাচনী আচৰণবিধি উলংঘন বিজেপি নেতাৰ

চিৰাঙত নিৰ্বাচনী আচৰণবিধি উলংঘন বিজেপি নেতাৰ ৷ ৰাজহুৱা বিতৰণৰ চাউল বানসাহাৰ্যৰ নামত বিতৰণ কৰি থকা অৱস্থাতেই চাউল জব্দ কৰিলে আৰক্ষীয়ে ৷

bjp leader has broken electoral code of conduct
চিৰাঙত নিৰ্বাচনী আচৰণবিধি উলংঘন বিজেপি নেতাৰ
author img

By

Published : Aug 3, 2020, 9:45 PM IST

চিৰাং , 3 আগষ্টঃ চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে ৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বানসাহাৰ্যৰ নামত বিতৰণ কৰাৰ অভিযোগত বিজেপি প্ৰাৰ্থী শিবনাথ ব্ৰহ্মৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ৷ প্ৰাপ্ত তথ্য মতে, জিলাখনৰ ১৮ নং মানাস সেৰফাং বিটিচি পৰিষদীয় সমষ্টীৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে দেওবাৰে চিৰাং জিলাৰ বিজনী ১নং চাউৰাং কচুবিলৰ আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ মাজত চাউল বিতৰণ কৰিছিল ৷ বিতৰণ কৰি থকা সময়তে অঞ্চলটোত পাণবাৰী থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ চাউলখিনি সুলভ মূল্যৰ দোকানৰ চাউল বুলি নিশ্চিত কৰাৰ লগতে গাড়ীসহ চাউলখিনি জব্দ কৰে ৷

bjp leader has broken electoral code of conduct
ৰাজহুৱা বিতৰণৰ চাউল বানসাহাৰ্যৰ নামত বিতৰণ কৰি থকা অৱস্থাতেই চাউল জব্দ কৰিলে আৰক্ষীয়ে

লক্ষণীয় যে, চিৰাং জিলা বিজেপি দলৰ সাধাৰণ সম্পাদক ৰিন্টু কুমাৰ দাস আৰু মানাস ছেৰফা‍ং মণ্ডল বিজেপিৰ সভাপতি দেবজ্যোতি নমঃ দাসৰ নেতৃত্বত এই সমূহ সুলভ মূল্যৰ চাউল বান সাহাৰ্য্য হিচাবে বিতৰণ কৰি অহা হৈছিল ৷

চিৰাঙত নিৰ্বাচনী আচৰণবিধি উলংঘন বিজেপি নেতাৰ

শাসকীয় দলৰ আশীষ লাভ কৰিয়েই নেতা কেইগৰাকীয়ে কুকৰ্ম কৰি অহা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰাৰ লগতে ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ উল্লেখ্য যে , এই সন্দৰ্ভত পানবাৰীৰ গনেশ চন্দ্ৰ বসুমতাৰী নামৰ ব্যক্তিজনে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে পানবাৰী থানাত ৰুজু কৰিছে গোচৰ ৷ ৰাজ্যৰ স্বয়ং শাসকীয় দলৰ প্ৰতিনিধিয়ে নিৰ্বাচনী আচৰণবিধি উলংঘন কৰি অবৈধভাৱে চাউল বিতৰণ কৰা এই ঘটনাত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ৷

ৰাজহুৱা বিতৰণৰ চাউল বানসাহাৰ্যৰ নামত বিতৰণ কৰি থকা অৱস্থাতেই চাউল জব্দ কৰিলে আৰক্ষীয়ে ৷

লগতে পঢ়কঃছয় জনগোষ্ঠীৰ বিধেয়ক সংসদত নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি: অজিত ভূঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.