ETV Bharat / state

Press Meet of All Assam Tribal Association: বিটিআৰৰ প্ৰতিটো বেদখলীকৃত অঞ্চলত অভিযান চলাবই লাগিব:ট্ৰাইবেল সংঘ - বিটিআৰত জনজাতি বেষ্টনী আৰু আবেষ্টনীত বেদখল

চিৰাঙৰ কাজলগাঁৱত সদৌ অসম ট্ৰাইবেল সংঘৰ সংবাদমেল । গুৱাহাটী উচ্চ ন্যায়ালয় আৰু উচ্ছেদ সন্দৰ্ভত সৰৱ সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰী আৰু সম্পাদক প্ৰধান আদিত্য খাকলাৰী ।

Gauhati High Court order on eviction in BTR
সদৌ অসম ট্ৰাইবেল সংঘ
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:01 PM IST

সদৌ অসম ট্ৰাইবেল সংঘ

চিৰাং, ২৮ আগষ্ট:গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী বেদখল হৈ থকা জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহ বেদখলমুক্ত কৰাৰ দাবী জনাইছে সদৌ অসম ট্ৰাইবেল সংঘই । চিৰাঙৰ কাজলগাঁৱত সোমবাৰে আয়োজিত এক সংবাদমেলত বিটিচিৰ উচ্ছেদক লৈ ৰাজনীতি নকৰিবলৈ সকলো দলকেই তীব্ৰ সকীয়নি দিছে ট্ৰাইবেল সংঘই । বিটিআৰ এলেকাৰ বেদখলী জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহ বেদখলমুক্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ আৰু বেদখল হৈ থকা জনজাতি বেষ্টনী আৰু আবেষ্টনী বেদখলমুক্ত কৰিবলৈ বিটিচি প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী প্ৰেৰণ কৰা কাৰ্যক আদৰণি জনাইছে সদৌ অসম ট্ৰাইবেল সংঘই ।

কেৱল জাননী জাৰি কৰিয়ে ক্ষান্ত নাথাকি বেদখলকাৰী সকলক অতি শীঘ্ৰেই উচ্ছেদ কৰিবলৈ বিটিচি প্ৰশাসনক দাবী জনাইছে সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰী আৰু সম্পাদক প্ৰধান আদিত্য খাকলাৰীয়ে । সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰী আৰু সম্পাদক প্ৰধান আদিত্য খাকলাৰীয়ে পুনৰ কয় যে জাননী জাৰি কৰি কেৱল দুই-এঠাইত উচ্ছেদ চলালেই নহ'ব,সমগ্ৰ বিটিআৰত বেদখল হৈ থকা অঞ্চলত এই অভিযান চলাবই লাগিব ।

তেওঁলোকে কয় যে অসমৰ ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায় অৱমাননা কৰি জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহত অসংৰক্ষিত শ্ৰেণীৰ লোকে বেদখল কৰি আছে । সেই বলপূৰ্বকভাৱে বেদখল কৰা লোক সকলক জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহৰ পৰা সমূলি উচ্ছেদ কৰিবলৈ ট্ৰাইবেল সংঘই দাবী জনাইছে ।

উক্ত সংবাদ মেলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বিটিআৰৰ বেদখল হৈ থকা জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহ বেদখলমুক্ত কৰাক লৈ বিভিন্ন দলৰ নেতা সকলে ৰাজনীতি কৰা পৰিলক্ষিত হৈছে । তেনেকাৰ্যৰ পৰা সংশ্লিষ্ট ৰাজনৈতিক নেতা সকলক আতৰি আহি ৰাজনৈতিক স্বাৰ্থৰ উৰ্দ্ধত থাকি জনজাতি লোকসকলৰ সুৰক্ষা আৰু অধিকাৰৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায় । সংবাদ মেলত নাম উল্লেখ নকৰিলেও প্ৰকান্তৰে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক লক্ষ্য কৰি জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহত উচ্ছেদ অভিযান চলোৱাৰ উদ্যোগ গ্ৰহণ কৰা বৰ্তমানৰ বিটিচি প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনায় আদিত্য খাকলাৰীয়ে ।

লগতে পঢ়ক:Starving old man since 12 years: ১২ তেওঁ খোৱা নাই কোনো গোটা আহাৰ; সদায় খাই পানী কেতিয়াবা গাখীৰ; এতিয়াও সুস্থ সবল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.