ETV Bharat / state

বিভিন্ন সমস্যা সমাধানৰ দাবীৰে বঙাইগাঁৱত আক্ৰাছুৰ সংবাদ মেল

author img

By

Published : Aug 16, 2020, 8:48 PM IST

এই দাবী সমুহ শীঘ্ৰে পুৰণ নকৰিলে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে আক্ৰাছুৰ সভাপতি অৰুণ ৰায় আৰু সম্পাদক গোকুল বৰ্মনে ৷

AKRASU press meet at Bongaigaon
বিভিন্ন সমস্যা সমাধানৰ দাবীৰে বঙাইগাঁৱত আক্ৰাছুৰ সংবাদ মেল

বঙাইগাঁও, 16 আগষ্ট: কোচ ৰাজবংশী সকলৰ বিভিন্ন বিভিন্ন সমস্যা সমধানৰ দাবীৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ বঙাইগাঁও স্থিত মুখ্য কাৰ্যালয় প্ৰাংগণত আক্ৰাছু, মহিলা সমিতি আৰু চিলাৰায় সেনাৰ যৌথ সংবাদ মেল ৷ সংবাদমেলৰ জৰিয়তে আগন্তুক অসম বিধান সভাৰ বাজেট অধিৱেশনত কোচ ৰাজবংশী সকলৰ কেইবাটাও দাবী পূৰণৰ বাবে চৰকাৰলৈ আহ্বান জনাই আক্ৰাছুৰ অৰুণ ৰায় গোটৰ সভাপতি অৰুণ ৰায়ে ৷ লগতে এই দাবীসমূহ শীঘ্ৰে পুৰণ নকৰিলে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহনৰ হুংকাৰ দিয়ে আক্ৰাছুৰ সভাপতি অৰুণ ৰায় আৰু সম্পাদক গোকুল বৰ্মনে ৷

উল্লেখ্য যে, অহা 31 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া আগন্তুক অসম বিধান সভাৰ বাজেট অধিৱেশনৰ সময়ত কোচ ৰাজবংশী সকলৰ বিভিন্ন দাবী পূৰণৰ দাবীৰে দিচপুৰ লাষ্ট গেটত 72 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিব আক্ৰাছুৱে ৷ এই দাবীসমূহ ভিতৰত আছে কোচ ৰাজ বংশী সকলৰ জনজাতিকৰণ, কমতাপুৰ ৰাজ্যৰ পুণৰ গঠন আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন, কোচ ৰাজবংশী উন্নয়ন(অসম) পৰিষদ গঠন ইত্যাদি ৷ লগতে নেতা দুগৰাকীয়ে উল্লেখ কৰে যে, 1949 চনৰ 28 আগষ্টত কমতাপুৰ ৰাজ্যৰ শেষৰ জন ৰজা জগদ্বিপেন্দ্ৰ নাৰায়ণ বাহাদুৰৰ সৈতে হোৱা ভাৰত চৰকাৰৰ চুক্তি অনুসৰি "গ" শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা 6 মাহৰ বাবে দিয়াৰ পিচত পুণৰ সেয়া কৰ্তন কৰা হৈছিল ৷ সেয়েহে আক্ৰাছুৰ প্ৰতিখন জিলাত 28 আগষ্ট দিনটোক ক'লা দিৱস হিচাপে পালন কৰাৰ কথাও জনায় নেতা দুগৰাকীয়ে ৷

লগতে পঢ়কঃ স্বাধীনতাৰ 74 বছৰৰ পাচতো উন্নয়ণৰ মুখ নেদেখা এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.