ETV Bharat / state

চিৰাঙত পুনৰ মুকলি হ'ল টোলগেট - COVID19

টোলগেট মুকলি হোৱাৰ পিছতে জৰুৰীকালীন সেৱাত জড়িত লোকসকলক কৰ ৰেহাই দিবলৈ চৰকাৰক অনুৰোধ চিকিৎসকৰ ৷ কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি টোলগেটৰ লগত জড়িত সকলো শ্ৰমিকৰ সুৰক্ষাৰ বাবে সকলোধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰ্তৃপক্ষৰ ৷

Again open chirang tollgate
চিৰাঙত পুনৰ মুকলি হ'ল টোলগেট
author img

By

Published : Apr 21, 2020, 7:27 PM IST

চিৰাঙ, 21 এপ্ৰিলঃ লক ডাউনৰ মাজতে পুনৰ মুকলি কৰা হ'ল দেশৰ টোলগেটসমূহ ৷ দেশৰ বিভিন্ন ঠাইৰ লগতে সোমবাৰে পুনৰ মুকলি কৰা হ'ল চিৰাঙৰ টোলগেট ৷ চিৰাং জিলাৰ বিজনী মহকুমাৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দহলাপাৰাত অৱস্থিত টোলগেট খন কৰ্তৃপক্ষই মুকলি কৰি দিয়াৰ পিছতে জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷ ইপিনে COVID-19ৰ প্ৰতিৰোধৰ কামত নিয়োজিত বঙাইগাঁও জিলাৰ মাণিকপুৰ আদৰ্শ চিকিৎসালয়ৰ কৰ্তব্যৰত এগৰাকী চিকিৎসকে টোলগেটত চিকিৎসকৰ পৰা পৰিবহন কৰ লোৱা কাৰ্যত উদ্বেগ প্ৰকাশ কৰে ৷ চিকিৎসক গৰাকীয়ে জৰুৰীকালীন সেৱাত জড়িত লোকসকলক কৰ ৰেহাই দিবলৈ চৰকাৰক অনুৰোধ জনায়। আনহাতে টোলগেটৰ কৰ্তৃপক্ষই টোলগেট মুকলি কৰি মন্তব্য প্ৰকাশ কৰি কয় যে,কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি টোলগেটৰ লগত জড়িত সকলো শ্ৰমিকৰ সুৰক্ষাৰ বাবে সকলোধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলো সুবিধা প্ৰদান কৰা হৈছে ৷ উল্লেখযোগ্য যে,কৰ'ণা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ মাজত দেশত চলি থকা লক ডাউনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে দেশৰ টোলগেট সমূহ বন্ধ কৰি দিছিল ৷

চিৰাঙত পুনৰ মুকলি হ'ল টোলগেট

লগতে পঢ়কঃচীনৰ মানচিত্ৰত সংযুক্ত হ'ল অৰুণাচল প্ৰদেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.