ETV Bharat / state

আদিবাসী কোব্ৰা মিলিটেন্ট অসমৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - আদিবাসী

যুদ্ধ বিৰতিত থকা আদিবাসী উগ্ৰপন্থী সংগঠন আদিবাসী কোব্ৰা মিলিটেন্ট(আকমা)অসমৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । ভাৰত-চীনৰ মাজত হৈ থকা যুদ্ধংদেহী পৰিৱেশত চৰকাৰে বিচাৰিলে সহায়ৰ বাবে প্ৰস্তুত আকমা ৷

Adibashi cobra militant foundation day
Adibashi cobra militant foundation day
author img

By

Published : Jul 9, 2020, 5:38 AM IST

চিৰাং, 8 জুলাই : চিৰাঙৰ গৰুভাষা বাগদলবাৰীত আদিবাসী কোব্ৰা মিলিটেন্ট অসমৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । ১৯৯৬ চনত বড়ো আন্দোলনত আদিবাসী সকলৰ ওপৰত হোৱা আক্ৰমণৰ পাচতে এই উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছিল । আহি আহি ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলে সংগঠনটোৱে ৷

সংগঠনটোৰ ৫৬ নং বেটেলিয়নৰ ডেজিগনেটেড শিবিৰত বুধবাৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । ২০১২ চনৰ ২৪ জানুৱাৰীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে হোৱা আলোচনা মৰ্মে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰি অস্ত্ৰ সম্বৰণ কৰিছিল সংগঠনটোৱে । কিন্তু আজিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠনটোৰ সদস্য সকলৰ বাবে ।

আদিবাসী কোব্ৰা মিলিটেন্ট অসমৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰতিষ্ঠা দিৱসৰ পতকা উত্তোলন কৰে ৫৬ নং বেটেলিয়নৰ কমাণ্ডেন্ট অৰ্জুন টুডুয়ে । তাৰ পিচতে সংগঠনৰ সহকাৰী কমাণ্ডেন্ট কেৰমু কৰ্মকাৰ আৰু দলপতি সহন হেমব্ৰমৰ উপস্থিতিত সংগঠনৰ অন্যান্য বিষয় ববীয়াই চৰকাৰক দাবী জনায় সদস্য সকলৰ সংস্থাপনৰ ক্ষেত্ৰত তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে । লগতে সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰে যে, ভাৰত-চীনৰ মাজত হৈ থকা যুদ্ধংদেহী পৰিৱেশত চৰকাৰে বিচাৰিলে সহায়ৰ বাবে প্ৰস্তুত আকমা ৷

আকমাৰ এই ৫৬ নং বেটেলিয়নে বিশেষকৈ চিৰাং জিলাতে অৱস্থান কৰি সাংগঠনিক তৎপৰতা চলাইছিল জিলাখনৰ আদিবাসী সকলৰ সুৰক্ষাৰ বাবে । আজিও সংগঠনটোৱে যুদ্ধবিৰতিৰ নীতি-নিয়মৰ মাজতে আদিবাসী সকলৰ সুৰক্ষাৰ বাবে সদায় কাম কৰি আছে ।

লগতে পঢ়ক : দৰং-কামৰূপৰ মাজত বন্ধ কৰা হ'ল জনসাধাৰণৰ আহ-যাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.