ETV Bharat / state

বড়োলেণ্ডৰ দাবীত এবছুৰ গণ সমাৱেশ

author img

By

Published : Sep 10, 2019, 10:16 PM IST

চিৰাঙৰ কাশিকত্ৰাত পৃথক বড়োলেণ্ডৰ দাবীত এবছুৰ উদ্যোগত আৰু কেবাটাও আন সংগঠনৰ সহযোগত প্ৰায় ১৫ সহশ্ৰাধিক লোকৰ সমাৱেশ ৷

বড়োলেণ্ডৰ দাবীত এবছুৰ গণসমাৱেশ

চিৰাং, 10 ছেপ্তেম্বৰঃ চিৰাং জিলাৰ চিদলী-কাশিকত্ৰা উচ্চতৰ মাধ্যমিক স্কুলৰ খেলপথাৰত নিখিল বড়ো ছাত্ৰ সন্থা এবছুৰ উদ্যোগত আৰু কেবাটাও অন্যান্য সংগঠনৰ সহযোগত প্ৰায় ১৫ সহশ্ৰাধিক লোকৰ সমাগমেৰে অনুষ্ঠিত হয় শান্তি আৰু সমাধানৰ দাবীত গণ সমাৱেশ। মূলত বড়ো সকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক ৰাজ্য বড়োলেণ্ডৰ দাবীতেই গণ সমাৱেশ আয়োজন কৰে সংগঠনটোৱে ।

বড়োলেণ্ডৰ দাবীত এবছুৰ গণসমাৱেশ

গণসভাত অংশগ্ৰহণ কৰা এন ডি এফ বি প্ৰধতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে কয় চৰকাৰে গুৰুত্ব সহকাৰে লৈ অতিশীঘ্ৰেই সমাধান কৰিব লাগে বড়োলেণ্ড সমস্যাৰ। আনহাতে ইউ পি পি এল দলৰ সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই য়ে কয়,কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই পৃথক ৰাজ্য গঠনেৰে বড়ো সমস্যা সমাধান কৰি ঠাইখনৰ উন্নয়নত গুৰুত্ব দিব লাগে ।

এই সভাতে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে কয়,বড়োলেণ্ড বড়ো সকলৰ দীৰ্ঘদিনীয়া দাবী ৷ আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই ৰাজনৈতিক লাভালাভৰ বাবে বড়ো-অবড়ো দুটা ভাগত বিভক্ত কৰি কঠোৰ সমালোচনা কৰে প্ৰমোদ বড়োৱে ৷

এবছুৰ এই গণ সমাৱেশত অংশগ্ৰহণ কৰে এন ডি এফ বি (প্ৰ),পিপলচ জইন্ট এক্সন কমিটী ফৰ বড়োলেণ্ড,বড়ো সাহিত্য সভা,ইউ পি পি এল, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ আদি কৰি কেবাটাও দল সংগঠনৰ নেতৃত্বই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.