ETV Bharat / state

লাফিকুল হত্যাৰ তিনিটা বছৰঃ আমছুৰ প্ৰতিবাদ

author img

By

Published : Aug 1, 2020, 8:33 PM IST

পবিত্ৰ ঈদৰ দিনা ক’লা বেজ পৰিধান কৰি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী জনালে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই ৷ লাফিকুল হত্যাকাণ্ডক সম্পূৰ্ণৰূপে এক ৰাজনৈতিক হত্যাকাণ্ড ৰূপে আখ্যা দি চৰকাৰে হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৷

abmsu protest demanding justice for rafikul islam
লাফিকুল হত্যাৰ তিনিটা বছৰঃআমছুৰ প্ৰতিবাদ

চিৰাং , 1 আগষ্টঃ তিনিবছৰ সম্পূৰ্ণ হ’ল এবিএমছুৰ প্ৰাক্তন সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ ৷ 2017 চনৰ 1 আগষ্টত কোকৰাঝাৰ জিলাত দিন-দুপৰতে গুলীয়াই হত্যা কৰা হৈছিল এবিএমছুৰ প্ৰাক্তন সভাপতি গৰাকীক ৷ হত্যাকাণ্ডৰ তিনিটা বছৰ পাৰ হোৱাৰ পাছতো ঘটনাৰ কোনো বিচাৰ তথা অপৰাধীৰ শাস্তি নোহোৱা সম্পৰ্কত চৰকাৰক তীব্ৰ সমালোচনা কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

চৰকাৰে ৰক্ষণাবেক্ষণ দিছে লফিকুল হত্যাকাৰীক

আনহাতে ক’লা বেজ পৰিধান কৰি হত্যাকাৰীক শীঘ্ৰে চিনাক্ত কৰি শীঘ্ৰে শাস্তিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু ছাত্ৰ সন্থাই ৷ লাফিকুল ইছলামৰ হত্যাকাণ্ডক ৰাজনৈতিক হত্যাকাণ্ড আখ্যা দি সংগঠনটোৰ সভাপতি গৰাকীয়ে কয় যে,অতি শীঘ্ৰে চৰকাৰে হত্যাকাৰীক কৰায়ত্ত নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিব সংগঠনটোৱে ৷ তিনিটা বছৰে CBI য়ে ঘটনাৰ সন্দৰ্ভত কোনো প্ৰতিবেদন দাখিল কৰিব নোৱাৰাৰ অভিযোগ সভাপতি গৰাকীৰ ৷

abmsu protest demanding justice for rafikul islam
শীঘ্ৰে জংগী আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ

পবিত্ৰ ঈদৰ দিনাই হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ ৷ উল্লেখ্য যে,সামাজিক মাধ্যম যোগেও ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰি আহিছে সংগঠনটোৱে ৷

আমছুৰ তীব্ৰ প্ৰতিবাদ

লগতে পঢ়কঃবীৰাঙ্গনা সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৃষি মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.