চিৰাং,23 মেঃ ইছলাম ধৰ্মালম্বী লোকসকলক ঈদ-উল-ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । লক ডাউন মানি ঈদৰ নামত বজাৰত ভিৰ নকৰিবলৈ লোকসকলক আহ্বান জনায় আমছুৰ সভাপতি গৰাকীয়ে । লগতে ঈদৰ নামাজ সমুহীয়াভাৱে নকৰি সকলোকে নিজৰ নিজৰ ঘৰতে পঢ়াৰ বাবেও আহ্বান জনায় আমছুৰ সভাপতি ৰেজাউল কৰিমে । ইতিমধ্যে আমছুৰ লগতে বিভিন্ন ইছলামিক সংস্থা আৰু দল সংগঠনে ঈদৰ সমুহীয়া নামাজ বাতিল কৰাৰ বাবে আহ্বান জনাইছে ।
লগতে পঢ়ক- নেমকেয়াৰৰ ঘটনাৰ পাচত অধিক সতৰ্ক হৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়