ৰাজনৈতিক সমীকৰণত ব্যস্ত ৰাজ্যৰ সংখ্যালঘূসকল - ৰাজনৈতিক সমীকৰণত ব্যস্ত ৰাজ্যৰ সংখ্যালঘূসকল
নতুন ৰাজনৈতিক চিন্তা-চৰ্চাত ব্যস্ত অসমৰ সংখ্যালঘুসকল ৷ আমছুৰ নেতৃত্বত পৰৱৰ্তী বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি নতুন ৰাজনৈতিক চিন্তা-চৰ্চাৰে চিৰাঙৰ বিভিন্ন ঠাইত সভা অনুষ্ঠিত কৰে সোমবাৰৰ দিনটোত ।
চিৰাং,17 আগষ্ট: অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে নতুন ৰাজনৈতিক দলৰ জন্ম হোৱা পৰিলক্ষিত হৈছে ৷ এই চৰ্চাত পিছ পৰি থকা নাই অসমৰ সংখ্যালঘু সকল । সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নেতৃত্বত নতুন ৰাজনৈতিক চিন্তা-চৰ্চাৰে ইতিমধ্যে কেইবালানি আলোচনা অনুষ্ঠিত হৈছে । সোমবাৰে আমছুৰ নেতৃত্বত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হোজাইত এক সভা অনুষ্ঠিত হয় । আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমান ক'ভিড-19 ত আক্ৰান্ত হোৱাত আকৌ বৰপেটা জিলাৰ বজালীত 10 ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এক সভা । উক্ত সভাতেই নতুন ৰাজনৈতিক সমীকৰণ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ৷
আঞ্চলিকতাবাদী শক্তিক মজবুত কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই শাসকীয় দল বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ কাম-কাজ আৰম্ভ কৰিছে । ইফালে কা বিৰোধী আন্দোলনক মূল আহিলা হিচাপে লৈ আন আন দল-সংগঠনৰ সৈতে লগ হৈ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে সদৌ অসম ছাত্ৰ সন্থাই । একেদৰে অসমৰ সংখ্যালঘু সকলৰ ৰাজনৈতিক-সাংবিধানিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত বিগত দিনত প্ৰতিনিধিত্ব কৰা মন্ত্ৰী-বিধায়কৰ অকৰ্মণ্যতাৰ প্ৰতি ক্ষুব্ধ হৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু । সেয়ে 2021 ৰ বিধানসভা নিৰ্বাচনক লৈ চিন্তা-চৰ্চা কৰাত কোনোগুণে পিছ পৰি থকা নাই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু । আমছুৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, সংগঠনটোৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত আমছুৰ তৰফৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে চলোৱা হৈছে ব্যাপক কুচ-কাৱাজ ।
অসমৰ সংখ্যালঘু ৰাজনীতিৰ বিষয়ত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, উপদেষ্টা আজিজুৰ ৰহমান তথা অন্যান্য কেইবাজনো লোকৰ সৈতে যোগাযোগ কৰাত নতুন ৰাজনৈতিক সমীকৰণৰ বিষয়ে অস্বীকাৰ কৰে যদিও ৰাজনৈতিক চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে বুলিও জনাই সংগঠনটোৰ বিষয়ববীয়াসকলে । ইতিমধ্যে কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ অংকত আউল লগোৱাতো নিশ্চিত হৈ পৰিছে আমছুৰ নতুন ৰাজনৈতিক সমীকৰণৰ ফলত । মুঠতে আকৰ্ষণীয় হৈ উঠিব অসম বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচন ৷
লগতে চাওকঃ কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী
TAGGED:
বিধানসভা নিৰ্বাচন