ETV Bharat / state

গৰাইমাৰীত মৰেল পুলিচিঙৰ বলি যুৱক - A man was the victim of a mass beating in Garaimari

মৰেল পুলিচৰ ঘটনাই জোকাৰিছে চিৰাং-বঙাইগাঁও জিলাৰ সীমান্ত । চোৰৰ সন্দেহত এগৰাকী পথচাৰীক উপযুপৰি আক্ৰামণ কৰে একাংশ লোকে ৷ চিৰাং-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী বিজনীৰ গৰাইমাৰীত সংঘটিত হয় এই ঘটনা ৷ অভিযোগ অনুসৰি এজন শিক্ষকৰ নেতৃত্বত সংঘটিত হয় এই ঘটনা ।

গৰাইমাৰীত গণ প্ৰহাৰৰ বলি হ'ল এজন পথচাৰী
গৰাইমাৰীত গণ প্ৰহাৰৰ বলি হ'ল এজন পথচাৰী
author img

By

Published : May 21, 2021, 9:58 PM IST

চিৰাং, 21 মে': মৰেল পুলিচৰ ঘটনাই জোকাৰিছে চিৰাং-বঙাইগাঁও জিলাৰ সীমান্ত । চোৰৰ সন্দেহত এগৰাকী পথচাৰীক উপযুপৰি আক্ৰমণ কৰে একাংশ লোকে ৷ চিৰাং-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী বিজনীৰ গৰাইমাৰীত সংঘটিত হয় এই ঘটনা ৷ অভিযোগ অনুসৰি এজন শিক্ষকৰ নেতৃত্বত সংঘটিত হয় এই ঘটনা ।

গৰাইমাৰীত গণ প্ৰহাৰৰ বলি হ'ল এজন পথচাৰী

জানিব পৰা মতে, বিজনীৰ কাৱাটিকাৰ বাসিন্দা আবেদ আলী (২৯) পথেৰে নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত চোৰ বুলি সন্দেহ কৰি গৰাইমাৰীৰ দাসপাৰাৰ সুশীল দাস নাম এজন লোকৰ ঘৰলৈ চোঁচৰাই নি উপৰ্যুপৰি আক্ৰমণ কৰে একাংশ লোকে ৷ ভানু ৰঞ্জন বিশ্বাস নামৰ এজন শিক্ষকৰ নেতৃত্বত অত্যাচাৰ কৰা হয় আলীক ৷

ফলত লোকজন গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পাচতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে লোকজন । বিজনী জিলা আমছুৱে এই ঘটনাক তীব্ৰ গৰিহণা জনোৱাৰ লগতে এই মৰেল পুলিচৰ ঘটনাত জড়িত লোকৰ শাস্তিৰ দাবী জনাইছে ।

লগতে পঢ়ক: মুগা পালনেৰে সোণসেৰীয়া সপোন ৰচিছে এদল মহিলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.