চিৰাং, 18 আগষ্ট: বিটিচিৰ পৰিষদীয় নিৰ্বাচনকলৈ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বিগত দিনকেইটাত বিটিআৰ অঞ্চলত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ মাৰনাস্ত্ৰ ৷ বিটিআৰৰ অন্তৰ্গত বিভিন্ন ঠাইত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই সমুহ আগ্নেয়াস্ত্ৰ আৰু মাৰণাস্ত্ৰ৷ ইয়াৰ মাজতে মঙলবাৰে পুনৰ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাতা থানা তথা শান্তিপুৰ আৰক্ষী চকীৰ অন্তৰ্গত খাগ্ৰাবাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ মাৰনাস্ত্ৰ৷ উল্লেখ্য যে, জিলা সদৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধি, ৰুণিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুষ্টমৰাজ ব্ৰহ্ম আৰু শান্তিপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম কুমাৰ ব্ৰহ্মৰ নেতৃত্বত চলিছিল এই অভিযান ৷
মঙলবাৰে পুৱা প্ৰায় 7:30 বজাত চলা এই অভিযানত আৰক্ষীয়ে খাগ্ৰাবাৰী গাঁৱৰ জংঘলত পলিথিনেৰে মেৰীয়াই থোৱা অৱস্থাত উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ মাৰনাস্ত্ৰ সমুহ ৷ উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ সমুহ হৈছে ক্ৰমে, এটা মেগজিনৰ সৈতে এটা এইচ কে 33 ৰাইফল, দুটা মেগজিনৰ সৈতে এটা একে 56 ৰাইফল, দুটা মেগজিনৰ সৈতে ইউজি আগ্নেয়াস্ত্ৰ, দুটা মেগজিনৰ সৈতে দুটা 7.65 পিষ্টল, দুটা চাইনিজ হেণ্ডগ্ৰেণেড , 93 টা একে চিৰিজৰ সজীৱ গুলি আৰু একে 56 ৰ 25 টা সজীৱ গুলি৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যেই শান্তিপুৰ আৰক্ষী চকীত 297/2020 নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
এই ঘটনাৰ সন্দৰ্ভত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনাই যে, গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে চলোৱা হৈছিল এই অভিযান ৷ লগতে বিটিচিৰ পৰিষদীয় নিৰ্বাচন শান্তিপুৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে এইদৰেই সতৰ্কতাৰে অভিযান চলাই থকা হৈছে বুলি জনাই আৰক্ষী অধীক্ষক গৰাকীয়ে৷ এই অস্ত্ৰ-সস্ত্ৰ সমুহৰ সন্দৰ্ভত এন ডি এফবিৰ প্ৰতি আওপকীয়াকৈ আঙুলি টোঁৱাই আৰক্ষী অধীক্ষক গৰাকীয়ে জনাই যে, উদ্ধাৰ হোৱা মাৰনাস্ত্ৰ সমূহ কিছুদিন পূৰ্বে সক্ৰিয় হৈ থকা কোনো উগ্ৰপন্থী সংগঠনে লুকুৱাই ৰাখিছিল৷ উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা বিটিচিৰ প্ৰতিখন জিলাতে ধাৰাবাহিক ভাৱে মাৰনাস্ত্ৰ উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে । বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে এইদৰে মাৰণাস্ত্ৰ উদ্ধাৰৰ ঘটনাই সংকিত কৰি তুলিছে সাধাৰণ জনতাক ৷
লগতে পঢ়কঃ কাছাৰত অবৈধ শিলৰ ব্যৱসায়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ